১৭ বছৰীয়া কিশোৰীক ধৰ্ষণ, জীৱন্তে জ্বলাই হত্যা

ডিজিটেল ডেস্কঃ দুৰ্গা পূজাৰ মাজতে শুকুৰবাৰে এগৰাকী কিশোৰীক ধৰ্ষণ কৰি জীৱন্তে জ্বলাই হত্যা কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে পশ্চিম বংগৰ নদিয়া জিলাত৷ নদিয়াৰ কৃষ্ণ নগৰৰ ৰাইহুইদা ৰেলৱে আৱাসগৃহত এই ঘটনা সংঘটিত হয়৷ অষ্টমীৰ নিশাৰ পৰা কৃষ্ণ নগৰৰ এগৰাকী কিশোৰী নিৰুদ্দেশ হৈ আছিল৷ তাৰ পিছতে শনিবাৰে কিশোৰীগৰাকীৰ অগ্নিকাণ্ড মতদেহ উদ্ধাৰ হয়৷

জানিব পৰা মতে, কিশোৰীগৰাকীক কৃষ্ণ নগৰৰে অমলেশ নামৰ যুৱক এজনে প্ৰেমৰ প্ৰস্তাৱ দিয়ে৷ কিশোৰীগৰাকীয়ে প্ৰেমৰ প্ৰস্তাৱ গ্ৰহণ নকৰাত বিয়াৰ প্ৰস্তাৱ দিয়ে৷ কিশোৰীগৰাকীয়ে বিয়াৰ প্ৰস্তাৱো গ্ৰহণ নকৰাত অষ্টমীৰ দিনাখন কিশোৰীগৰাকীৰ ঘৰত কোনোলোক নথকাৰ সুযোগ গ্ৰহণ কৰি অমলে তাইক অপহৰণ কৰে৷ অপহৰণ কৰি নিজ ঘৰলৈ নিয়ে অমলে৷ অমল আৰু বন্ধু জনে কিশোৰীক ধৰ্ষণ কৰি হত্যা কৰে৷ কেৰাচিন ঢালি জীৱন্তে জ্বলাই হত্যা কৰে ১৭ বছৰীয়া কিশোৰীগৰাকীক৷ ইতিমধ্যে নদিয়া আৰক্ষীয়ে অমলৰ আটক কৰি সোধ-পোছ অব্যাহত ৰাখিছে৷