
চাবুৱা/ডিব্ৰুবড়ঃ চৌদিশে এতিয়া নান ৰং৷ চৌদিশে আনন্দ-উলাহ৷ নানা ৰঙৰ সমাহাৰে মানুহক আপোন পাহৰা কৰিছে৷ ৰং-চঙীয়া পূজা মণ্ডপত বিভোৰ হৈ পৰিছে ৰাজ্যৰ মানুহ৷ দোকানে দোকানে পূজাৰ ৰং-চঙীয়া সামগ্ৰী৷ প্ৰায় সংখ্যাকৰ দেহত ৰং-চঙৰ বস্ত্ৰ৷ জিলাপী দোকানত মানুহৰ ভীৰ, খেলনাৰ দোকানত সন্তানক খেলনা কিনি দিবলৈ ভীৰ, থিয়েটাৰ-কথাছবি চাবৰ বাবে মানুহৰ ভীৰ৷
চৌদিশে কেৱল আনন্দ-উলাহৰ মাজত মানুহবোৰ হেৰাই গৈছে৷ কিন্তু তাৰ মাজতো এই ৰঙে চুব পৰা নাই একাংশ লোকক৷ বানপানীত ক্ষতিগ্ৰস্ত এলেকাত একাংশ লোকে এটুপি খোৱাপানীৰ বাবে হাহাকাৰ কৰিব লগা হৈছে৷ আজিও থকা ঠাই ডোখৰৰ বাবে বানপানীত ক্ষতিগ্ৰস্ত লোকে ককবকাই থাকিব লগা হয়৷ একাংশ যুৱকে নামি-দামী বাইক লৈ পূজাৰ উলাহত ইফালৰ পৰা সিফালে ঘুৰি ফুৰিছে৷

উজনি-নামণিৰ পূজা মণ্ডপৰ সমীপত বহু দৰিদ্ৰ পৰিয়ালৰ কিশোৰে পূজাত দিয়া অস্থায়ী দোকানত কাম কৰি থকা পৰিলক্ষিত হৈছে৷ নিজ পৰিয়ালটোৰ বাবে পৃথিৱীৰ ৰং পৰিহাৰ কৰি ব্যস্ত হৈ পৰিছে দি হাজিৰা কৰাত৷ কপালৰ ঘাম মাটিত পেলাই শ্ৰম কৰিছে তেওলোকে৷ তাৰ মাজতে একাংশ যুৱক-কিশোৰে শ্ৰম কৰাৰ সমানে সমানে পঢ়া শুনাও কৰি গৈছে৷ নিজে শ্ৰম কৰি উপাৰ্জন কৰা টকাৰে ফড়ি ভাল ফলাফল কৰিবলৈ সক্ষম হৈছে৷
তেনে বহু ছাত্ৰ এতিয়া আদৰ্শ হৈ পৰিছে নৱ প্ৰজন্মৰ বাবে৷ ব্যতিক্ৰম নহয় উজনি অসমৰ গুঞ্জন৷ উজনিৰ গুঞ্জনে পূজা উৎসৱৰ আনন্দ উলাহ পৰিহাৰ কৰি ব্ৰইলাৰ কাটি ব্যৱসায় কৰি গৈছে৷ পুজালৈ চাবলৈ যোৱাৰ আহৰি নাই গুঞ্জনৰ৷ কিয়নো গুঞ্জনে নিজৰ উপাৰ্জনেৰে নিজে পঢ়া-শুনা কৰে৷ পঢ়া-শুনা কৰাৰ লগতে নিজ পৰিয়ালৰ সমস্ত দায়িত্ব গুঞ্জনৰ ওপৰত৷ ডিব্ৰুগড় জিলাৰ চাবুৱাৰ হাতীআলি চেতিয়াগাঁৱৰ গুঞ্জন বৰচেতিয়া নামৰ এগৰাকী অতি দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰই চলিত বৰ্ষত ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৫৩১ নম্বৰসহ উত্তীৰ্ণ হৈ চাবুৱা অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছিল৷
আন দহজনতকৈ যথেষ্ট পৃথক গুঞ্জনৰ ছাত্ৰ জীৱন। গুঞ্জনে বিদ্যালয়লৈ যোৱাৰ পূৰ্বে সংগ্ৰহ কৰে ব্ৰইলাৰ। শিক্ষানুষ্ঠানলৈ যোৱাৰ পুৰ্বে ব্ৰইলাৰৰ পাখি গুচাই বিক্ৰীৰ বাবে উপযোগীকৈ ধুই উঠি এমুঠি খাইহে চাবুৱা লিটোল এঞ্জেল হাইস্কুললৈ গৈছিল। বিদ্যালয়ৰ পৰা উভতি আহি গুঞ্জনে পথৰ দাতিত ব্ৰইলাৰ বিক্ৰি কৰিবলৈ উপস্থিত হয়।আবেলি বিদ্যালয়ৰ পৰা আহি ভাত মুঠি খাই পুৱা যতনাই থৈ যোৱা মাংসখিনি বিক্ৰীৰ বাবে বজাৰলৈ বুলি ওলাই যায়।
বজাৰ সামৰি ঘৰ পাওঁতে সন্ধিয়া পাৰেই হয়। তাৰ পিছতহে পঢ়িবলৈ বহে গুঞ্জনে। এনেদৰে অতি কষ্টৰ মাজেতো পঢ়া-শুনা কৰি পৰিয়ালৰ লগতে সমগ্ৰ চাবুৱালৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হোৱা গুঞ্জনৰ এই সাফল্যত স্বাভাৱিকতেই আনন্দিত হৈ পৰিছে অঞ্চলটোৰ লগতে স্থানীয় দল-সংগঠন। ৰাজ্যত উঠি অহা প্ৰজন্মই দুৰ্গা পূজা উৎসৱ পালন কৰি থকাৰ সময়তে শনিবাৰে চাবুৱাত একেই ৰূপত দেখা গল গুঞ্জনক।
দুৰ্গা পূজা উৎসৱৰ মাজতে দৰিদ্ৰ পৰিয়ালটোৰ বাবে নিজৰ পঢ়াৰ খৰছৰ বাবে সংগ্ৰাম কৰিছে চাবুৱাৰ এইজন যুৱকে। হাইস্কুল শিক্ষান্ত পৰীক্ষাত আটাইকেইটা বিষয়সহ ৮৮ শতাংশ লৈ উত্তীৰ্ণ হোৱা মেধাৱী ছাত্ৰ চাবুৱাৰ হাতীআলি চেতিয়াগাঁৱৰ নিবাসী গুণঞ্জন চেতিয়াই ডিব্ৰুগড়ৰ ৰাধাকৃঞ্চ একাডেমীত পঢ়ি আছে যদিও পুজাৰ বন্ধত ঘৰলৈ আহি হাটীআলি চাইডিংঙত ব্ৰইলাৰ মাংস কাটি বিক্ৰি কৰি থকা পৰিলক্ষিত হ’ল৷ মটক যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সভাপতি যুগল বৰুৱাই ছাত্ৰ গুঞ্জনক ধন্যবাদ জনোৱাৰ লগতে উঠি অহা প্ৰজন্মক গুঞ্জনৰ পৰা শিক্ষা লোৱাৰ আহ্বান জনায়৷