
প্ৰতিকী ফটো,উৎস ইন্টাৰনেট
দেউপানীঃ বিজয়া দশমীৰ আনন্দ উলাহৰত নৈত জপিয়াই পানীত উটি গ’ল এজন লোক৷ এই ঘটনা সংঘটিত হৈছে কাৰ্বি আংলং জিলাৰ দেউপানী সমষ্টিৰ অন্তৰ্গত নগাখুলিত৷ দেউপানী অঞ্চলৰ দুৰ্গা পূজাৰ প্ৰতিমা সমূহ বিসৰ্জন দিয়াৰ সময়তে নগাখুলি বৰ নেউৰীয়া নৈত আনন্দতে জাপ মাৰে লোকজনে৷
জাপ মৰাৰ পিছতে নৈৰ পানীত ডুব যায় লোকজন৷ বিছৰাম নামৰ আদিবাসী সম্পদায়ৰ লোকজনক তৎমুহূৰ্ততে নৈৰ সোঁতত উটি যায়। উদ্ধাৰ অভিযান অব্যাহত আছে যদিও লোকজনক এতিয়ালৈ উদ্ধাৰ কৰিব পৰা নাই৷ এন্ধাৰৰ বাবে অভিযান সামৰিছে যদিও দেওবাৰে দিনৰ ভাগত উদ্ধাৰ অভিযান চলাব বুলি স্থানীয় আৰক্ষীয়ে জানিবলৈ দিয়ে৷