
নামতিঃ বিজয়া দশমীৰ উলাহ-মালহৰ মাজতে শিৱসাগৰ জিলাৰ নামদাং নৈত দুটাকৈ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। চৰাইদেউ জিলাৰ মথুৰাপুৰৰ মোহন ঘাটোৱাৰ (৪৫)নামৰ ব্যক্তিজনে মাদুৰী চাহ বাগিচাৰ শহুৰেকৰ ঘৰত থাকি পূজা চাবলৈ আহিছিল।
শুকুৰবাৰে নিশা প্রায় ১০ বজাত মোহন ঘাটোৱাৰে শিৱসাগৰ জিলাৰ মেজেঙ্গা কেতেকীবাৰীত পূজা চাই ঘূৰলৈ আহি থকা অৱস্থাত কেতেকীবাৰীৰ নামদাং নৈৰ ওপৰত থকা বাঁহৰ ভগ্ন দলং খনৰ পৰা তলত পৰে। লগে লগে হুৱা-দুৱা লগাত স্থানীয় ৰাইজে বহু চেষ্টা কৰিও ব্যক্তিজনক উদ্ধাৰ কৰিব নোৱাৰিলে।

শনিবাৰে পুৱা পুনৰ সন্ধান চলোৱাত স্থানীয় ৰাইজে ব্যক্তিজনৰ মৃত দেহটো কিছু দূৰত উপঙি থকা প্ৰত্যক্ষ কৰি নাজিৰা আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰে। আনহাতে জিলাখনৰ গেলেকী থানাৰ অন্তর্গত মিছাজানৰ নামদাং নৈত এটা অর্দ্ধ গলিত মৃতদেহ উদ্ধাৰ হয়।
জানিব পৰা মতে, স্থানীয় এজন মাছমৰীয়াই পুৱা প্রায় ৬ বজাত মাছ ধৰিবলৈ যাওঁতে মৃতদেহটো উপঙি থকা পত্যক্ষ কৰি চিঞৰ বাখৰ কৰে। লগে লগে স্থানীয় ৰাইজ ঘটনাস্থলীত উপস্থিত হৈ গেলেকী আৰক্ষীক খবৰ দিয়ে। আৰক্ষী প্রায় ১১ বজাত ঘটনাস্থলীত উপস্থিত হৈ অর্দ্ধ গলিত মৃতদেহটো উদ্ধাৰ কৰে।
মৃতদেহটো মিছাজান নামদঙ্গীয়া গাঁৱৰ বহু দিন নিৰূদ্দেশ হৈ থকা ভূলা কৈৰীৰ পুত্র ৰতন কৈৰী (২৯)বুলি জানিব পৰা গৈছে। ইতিমধ্যে গেলেকী আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্রেৰণ কৰে।