কাঠকটিয়া বৰনামঘৰত শংকৰদেৱৰ জন্মোৎসৱৰ আজি দ্বিতীয় দিন

দেউপানীঃ অৱতাৰী পুৰুষ, জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ ৫৬৯ সংখ্যক জন্মোৎসৱ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে কাৰ্বি আংলংৰ বৰপথাৰ কাঠকটিয়া বৰনামঘৰৰ উদ্যোগতো পালন কৰা হয়৷ বৰপথাৰ আঞ্চলিক শ্ৰীমন্ত শংকৰদেৱ জন্মোৎসৱ উদযাপন সমিতিৰ উদ্যোগত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে শনিবাৰৰ পৰা কাঠকটিয়া বৰনামঘৰ প্ৰাংগনত অনুষ্ঠিত হৈছে।

নিদিনীয়া বিশাল আয়োজনৰে বৰপথাৰৰ কাঠকটিয়া বৰনামঘৰত অনুষ্ঠিত হৈ থকা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱৰ প্ৰতিটো কাৰ্যসূচীত লোকেলোকাৰণ্য হৈ পৰা দেখা গৈছে৷ আজি দ্বিতীয় দিনৰ কাৰ্যসূচী অনূসৰি পুৱা ৮-০০ বজাত নামাচাৰ্য্য ফণীধৰ বৰা আৰু উলিৰাম গগৈয়ে নাম প্ৰসংগ, কীৰ্ত্তন পাঠ কৰে।

পুৱা ১০-০০ বজাত বৰগীত, দিহা নাম, দশৱতাৰ নৃত্য, সূত্ৰধাৰ নৃত্যৰ প্ৰতিযোগিতাৰ শুভাৰম্ভ কৰা হয়৷ সন্ধিয়া ৫-৩০ বজাত বন্তি প্ৰজ্বলন কৰিব প্ৰাক্তন পাঠক ফণীধৰ গগৈয়ে। সন্ধিয়া ৬-০০ বজাত নাম প্ৰসংগ কীৰ্ত্তন পাঠ কৰিব নামাচাৰ্য্য বানেশ্বৰ শ‌ইকীয়া আৰু পাঠক ধনী শ‌ইকীয়াই। সোমবাৰে নিশা যোৰহাটৰ ডেকাগিৰি নাট্যদলৰ দ্বাৰা প্ৰদৰ্শিত হ’ব "সাবিত্ৰী সত্যবান" ভাওনাৰ নাটক৷