
আমগুৰিঃ দেওবাৰে পুৱাতেই আমগুৰিৰ বৰবামত ৬১নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাতিত এটি যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷
জানিব পৰা মতে, মৃতদেহটো আমগুৰিৰ বৰবাম চাহ বাগিচাৰ মেডিকেল লাইনৰ দুৱাৰা দৰাৰ বুলি চিনাক্ত কৰে আৰক্ষীয়ে৷ পুৱাই প্ৰাতঃভ্ৰমণত অহা লোকে মৃতদেহ পৰি থকা প্ৰত্যক্ষ কৰি স্থানীয় লোকে আমগুৰি আৰক্ষীক অৱগত কৰে।
লোকজনৰ মৃত্যুৰ কাৰণ জানিব পৰা হোৱা নাই। মৃতদেহটোত আঘাতৰ চিন নাই বুলি জানিব পৰা গৈছে যদিও আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে৷