
চাবুৱাঃ বিশিষ্ট ব্যৱসায়ী তথা নাহৰকটীয়া বিধান সভা সমষ্টিৰ বিধায়ক নৰেন সোণোৱালে নিজৰ ব্যৱসায়ীক লাভৰ বাবে শ্ৰমিকৰ প্ৰাপ্য ধন আদায় নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদে।
উল্লেখ্য যে, চলিত বৰ্ষত চাবুৱাত ঠিকাদাৰ নৰেন সোণোৱালে অইলৰ জৰীপ কাৰ্যত মকৰল কৰা অস্থায়ী শ্ৰমিক সকলক প্ৰাপ্য মজুৰি ধন আদায় নিদিয়া বাবে মাঘ বিহুৰ উৰুকাত চাবুৱাত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল৷ যাৰ বাবে বিধায়কগৰাকীৰ ব্যৱসায়ীক প্ৰতিষ্ঠানত স্থায়ী ভাৱে কৰ্মৰত ৫ জন কৰ্মী গুৰুতৰ ভাৱে আহতও হৈছিল৷
অৱশেষত পৰিস্থিতি নিয়ন্ত্ৰন কৰিবলৈ ঘটনাস্থলীত জিলা আৰক্ষী অধীক্ষক গৌতম বড়া সহিতে উপস্থিত হৈছিল জিলা উপায়ুক্ত৷ অৱশেষত ঠিকাদাৰ সোণোৱালে ১৫ দিনৰ ভিতৰত সকলোকে প্ৰাপ্য মজুৰি আদায় দিয়াৰ লিখিত প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল৷
কিন্তু লিখিত প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ পাছতো বিধায়ক নৰেন সোণোৱালে আজিলৈকে প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে ভূক্তভুগীয়ে। সেইহে ঠিকাদাৰ গৰাকীয়ে বিধায়কৰ পদৰ শক্তি প্ৰদৰ্শন কৰি প্ৰাপ্য গৰাকীক বঞ্চিত কৰিছে বুলি অভিযোগ তুলিছে মটক যুৱ ছাত্র পৰিষদৰ কেন্দ্ৰীয় সভাপতি যুগল বৰুৱাই।
চলিত মাহৰ ভিতৰত শ্ৰমিকক প্ৰাপ্য মজুৰি আদায় নিদিলে অহা ৩০ অক্টোবৰত জিলা উপায়ুক্তৰ কাৰ্যলয়ৰ সন্মুখত তীব্ৰ আন্দোলন কাৰ্যসূচী ৰূপায়ন কৰা হ’ব বুলি সকিয়াই দিয়ে মটক যুৱ ছাত্র পৰিষদৰ কেন্দ্ৰীয় সভাপতি যুগল বৰুৱাই৷