
লংকাঃ লংকাত পুনৰ দাউ দাউকৈ জ্বলি উঠিল একুৰা জুই৷ লংকাৰ পিয়লী মাৰ্কেটত সংঘটিত হোৱা ভয়ানক অগ্নিকাণ্ডই আজি ২০ খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান ভস্মীভূত কৰে৷
ফলত ৫০ লক্ষাধিক টকাৰ সা-সামগ্ৰীৰ ক্ষতি সাধন হোৱা বুলি জানিব পৰা গৈছে৷ ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ বাহন উপস্থিত হৈ জুই নিৰ্বাপনৰ চেষ্টা অব্যাহত ৰাখিছে৷
শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ডৰ সূত্ৰপাতৰ আশংকা প্ৰকাশ কৰিছে স্থানীয় ৰাইজে৷