বটদ্ৰৱাত মহামানৱ বাপুজীক সোঁৱৰণ

বটদ্ৰৱাঃ জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীৰ ১৪৮ সংখ্যক জন্ম দিৱসটি আজি সমগ্ৰ দেশতে পালন কৰা হৈছে৷ অহিংস নীতিৰে স্বাধীনতাৰ বাট প্ৰশস্ত কৰা মহানায়কগৰাকীক সশ্ৰদ্ধাৰে সুঁৱৰি আজি ৰাজ্যৰ বিভিন্ন স্থানৰ লগতে বটদ্ৰৱাতো পালন কৰা হয় গান্ধী জয়ন্তী৷

গান্ধী জয়ন্তী উপলক্ষে আজি বটদ্ৰৱা শ্ৰীশ্ৰী শংকৰদেৱ উচ্চত্বৰ মাধ্যমিক বিদ্যালয়, বটদ্ৰৱা চৰকাৰী বালক-বালিকা বুনীয়াদী বিদ্যালয়ৰ লগতে আন আন কেইবাখনো বিদ্যালয়ত বিভিন্ন কাৰ্যসূচী ৰূপায়ন কৰা হয়৷

বটদ্ৰৱা শ্ৰীশ্ৰী শংকৰদেৱ উচ্চত্বৰ মাধ্যমিক বিদ্যালয়ত প্ৰাতঃস্মৰণ সভা, বাপুজীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলণ, পুষ্পাঞ্জলি অৰ্পণ, বৰ্ণীল জীৱন পৰিক্ৰমাৰ ওপৰত আলোকপাত, হস্তবিদ্যাৰ প্ৰশিক্ষণৰ লগতে চাফাই কাৰ্যসূচী ৰূপায়ন কৰি মহামানৱ মহাত্মা গান্ধীক শ্ৰদ্ধাৰে স্মৰণ কৰে বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু কৰ্মচাৰীৰ লগতে ছাত্ৰ-ছাত্ৰীসকলে৷

ইপিনে বটদ্ৰৱাৰ আন আন শিক্ষানুষ্ঠান তথা অনুষ্ঠান-প্ৰতিষ্ঠানসমূহতো আজি জাতিৰ পিতা মহাত্মা গান্ধীক বিভিন্ন কাৰ্যসূচীৰ মাজেৰে সোঁৱৰণ তথা শ্ৰদ্ধা জ্ঞাপণ কৰা হয়৷