
নামতিঃ শিৱসাগৰ জিলাৰ আমগুৰি শিক্ষা খণ্ডৰ অন্তর্গত ম’ৰাবজাৰ অঞ্চলৰ অন্যতম শিক্ষানুষ্ঠান দেওধাই মজলীয়া বিদ্যালয়ৰ প্রধান শিক্ষয়িত্রী মীৰা গগৈয়ে কৃৰ্তী শিক্ষয়িত্রী বঁটা লাভ কৰিছে। শিক্ষকতাৰ যোগেদি কর্ম, চিন্তা,পৰিশ্রমেৰে নতুন প্রজন্মক জ্ঞানৰ পোহৰ বিলাই শিক্ষাৰ ক্ষেত্রলৈ অনবদ্য বৰঙণি আগবঢ়োৱা মীৰা গগৈক এই বঁটা প্রদান কৰাত অঞ্চলটোত আনন্দৰ বন্যা বৈছে।
এগৰাকী সু-লেখিকা হিচাপে পৰিচিত মীৰা গগৈয়ে ম’ৰাবজাৰ লেখিকা সন্থাৰ উপ-সভানেত্রী, সদৌ অসম লেখিকা সন্থাৰ কার্যকৰী সদস্যা, ম’ৰাবজাৰ শাখা সাহিত্য সভাৰ উপ-সভানেত্রী, লালিম চাপৰি টাই আহোম মহিলা সন্থাৰ উপ-সভানেত্রী, ক্রান্তি উইমেলচ্ এছচিয়েচনৰ উপ-সভানেত্রী, কুঁহিপাত চৰাৰ উপদেষ্টা হোৱাৰ লগতে বিভিন্ন অনুষ্ঠান-প্রতিষ্ঠানৰ লগত জড়িত থাকি সেৱা আগবঢ়াই আহিছে।
উল্লেখ্য যে, তেওঁ ‘শ্যামলীলা আহিবা তুমি গাম আমি নতুন আলোকৰ গীত’ নামৰ এখন কাব্য গ্রন্থ ৰচনা কৰি সমগ্র অসমত প্রশংসা বুটলিবলৈ সক্ষম হৈছে।
ইফালে তেওঁৰ নিজা উদ্যোগত দেওধাই মজলীয়া বিদ্যালয়ত এটি চিত্রকলা প্রশিক্ষণ কেন্দ্র স্থাপন কৰি ছাত্র-ছাত্রীসকলক প্রশিক্ষণ দি থকাৰ লগতে বিদ্যালয়খনত হীৰক জয়ন্তী বর্ষ উদযাপনৰ ব্যাপক প্রস্তুতি চলাই আছে বুলি জানিব পৰা গৈছে।