
ৰঙিয়াঃ নৰ্থ ইষ্ট এক্সপ্ৰেছ ৰেলগাড়ীত জুই। ভয়াবহ অগ্নিকাণ্ডৰ পৰা কথমপি প্ৰাণৰক্ষা সহস্ৰাধিক যাত্ৰীৰ৷ গুৱাহাটীৰ পৰা আনন্দ বিহাৰ অভিমুখী নামনিমুৱা ১২৫০৫ নৰ্থ ইষ্ট এক্সপ্ৰেছ নামৰ ৰেল গাড়ী খনৰ ৰান্ধনী শালত জুই লাগি আছিল৷
কিন্তু সেয়া কোনেও প্ৰত্যক্ষ নকৰাত তেনেকৈয়ে যাত্ৰীবাহী ৰেলগাড়ী খন আহি আহি ৰঙিয়া ষ্টেচনত উপস্থিত হয়৷ ৰঙিয়া ষ্টেচনত তিনি ৰেল কৰ্মচাৰীয়ে ৰেলগাড়ীখনৰ ৰান্ধনীশালত জুই প্ৰত্যক্ষ কৰাত আতংকময় পৰিৱেশৰ সৃষ্টি হয়৷
ইয়াৰ পাছতে ৰেল বিভাগৰ দলে আগ্নি কাণ্ড সংঘটিত হোৱা ৰেলখনৰ ডবাটো বিচ্চিন্ন কৰি ভয়াবহ অগ্নি কাণ্ড সংঘটিত হোৱাৰ পৰা যাত্ৰী সকলক সুৰক্ষা প্ৰদান কৰে৷ আনহাতে পৰিস্থিতি শাম কটাৰ পাছত প্ৰায় আধা ঘন্টা পলমকৈ ৰেল খনে ৰঙিয়া ষ্টেচনৰ পৰা পুনৰ যাত্ৰা আৰম্ভ কৰে৷
ইফালে ৰেল খনত ভয়ংকৰ অগ্নি কাণ্ড সংঘটিত হোৱাৰ পৰা ৰক্ষা কৰা তিনি ৰেল কৰ্মচাৰী ইউনুচ আলী, জিতুমনি দাস আৰু ভবেন বড়োক মাণ্ডলিক ৰেল মহাপ্ৰবন্ধক ৰবিলেশ কুমাৰে গান্ধী জয়ন্তীৰ পবিত্ৰ দিনটোতে সাহসিকতাৰ পুৰস্কাৰেৰে পুৰস্কৃত কৰে৷