জুৱাৰ ঘাটিত পৰিণত গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা

ধিংঃ অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা তথা সংস্কৃতিৰ বাহক মহাপুৰুষ শ্ৰী মন্ত শংকৰদেৱ গুৰুজনাৰ জন্মস্থান পৱিত্ৰ বটদ্ৰৱাৰ নিকবৰ্তী অঞ্চলৰ বিভিন্ন ঠাইত বৃদ্ধি পাব ধৰিছে বিভিন্ন  অসামাজিক কাৰ্য কলাপ। বিশেষকৈ বটদ্ৰৱা থানৰ নিকটবৰ্তী তথা বটদ্রৱা আৰক্ষী থানাৰ অন্তৰ্গত ধনীয়াভেটি অঞ্চল সম্প্ৰতি বৃহৎ জুৱাৰ ঘাটিত পৰিণত হৈছে। দৈনিক নগাঁও অাৰু মৰিগাঁও জিলাৰ বহু জুৱাৰীৰ অাগমন ঘটে এই অঞ্চলটোলৈ।

ধনীয়াভেটিৰ ভিতৰুৱা এটা গলিৰ নিৰ্দিষ্ট কোঠাত নিতৌ চলে বহু লাখ লাখ টকাৰ জুৱাৰ অাড্ডা। অঞ্চলটোৰ কেইটামান অসামাজিক তথা গুণ্ডা প্ৰকৃতিৰ লোকৰ নেতৃত্বত চলিছে এই জুৱাৰ বেহা। এই অসামাজিক কাৰ্যকলাপ বন্ধ কৰিবলৈ কোনো লোক অাগবাঢ়ি অাহিলেও মৃত্যুৰ ভাবুকি অাহে একাংশ গুণ্ডা প্ৰকৃতিৰ লোকৰ পৰা।

সেয়ে বাধা দিবলৈ সাহস নকৰে অঞ্চলটোৰ সাধাৰণ কোনো লোকে। অানকি এই সাধাৰণ লোকসকলে ভয় কৰে মুকলিকৈ সংবাদ মাধ্যমক ক’বলৈও।

উল্লেখ্য যে, বটদ্রৱা আৰক্ষীয়ে বিগত সময়ত কদমনি বজাৰৰ এক বৃহত জুৱা আৰু মদৰ আড্ডা বন্ধ কৰাৰ উপৰিও বিভিন্ন অঞ্চলত চলি থকা এনেধৰণৰ অসামাজিক কাৰ্য কলাপ বন্ধ কৰিছে৷ কিন্তু বটদ্ৰৱা থানাৰ পৰা মাত্ৰ প্রায় ৪ কিলোমিটাৰ নিলগত বিগত বহু দিনৰে পৰা এনে অসামাজিক কাৰ্য কলাপ চলি অাহিছে যদিও কি কাৰণত নীৰৱ ভূমিকা পালন কৰি অাহিছে বটদ্ৰৱা অাৰক্ষীয়ে, সেয়া এক গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছে৷

ইফালে জুৱাত একাংশই লাখ লাখ টকা হাৰি সৰ্বশ্ৰান্ত হৈ নিজৰ দামী গাড়ী, মাটি, গৰু-ছাগলীৰ লগতে আ-অলংকাৰ পৰ্যন্ত  বিক্ৰী কৰিব লগীয়া পৰিস্থিতিৰ সৃষ্টি হয়৷

ইফালে আন একাংশই আকৌ  জুৱা খেলত বহু ধন-সম্পত্তি হাৰি অঞ্চলটোত চুৰি ডকাইতিৰ দৰে অপৰাধজনিত ঘটনা সংঘটিত কৰিবলৈ বাধ্য হৈ পৰা পৰিলক্ষিত হৈ আহিছে৷

এনেধৰনৰ কাৰ্য কলাপ নিতৌ বৃদ্ধি পোৱাত সংস্কৃতিৰ পীঠস্থান বটদ্ৰৱা এতিয়া অসামাজিক কাৰ্য কলাপৰ ঘাটিত পৰিণত হোৱাৰ উপক্ৰম ঘটিছে৷

আনহাতে জুৱাৰ আড্ডা চলোৱা এই সকল গুণ্ডা প্রকৃতিৰ লোক সকলক আৰক্ষীয়ে নাকী লগাবলৈ সক্ষম হ’ব নে এনেদৰেই চলি থাকিব এনে বৃহত জুৱাৰ আড্ডা, সেয়া সময়ত হে লক্ষণীয় হ'ব৷