আজিও স্বীকৃতি নাপালে ঐতিহাসিক গান্ধী পথাৰে

internet
internet

নগাঁওঃ জাতিৰ পিতা মহাত্মা গান্ধীৰ আহ্বান ক্ৰমে সমগ্ৰ ভাৰত ব্যাপী চলা স্বাধীনতা আন্দোলনৰ লগত ওতঃপ্ৰোতভাৱে সাঙুৰ খাই থকা এটি অঞ্চল হ’ল চকলাঘাট৷ মধ্য অসমৰ নগাঁও জিলাৰ হাতীচোং মৌজাৰ অন্তৰ্গত এই অঞ্চলটিৰ ইংৰাজক খেদি দেশক স্বাধীন কৰা সেই আন্দোলনৰ প্ৰতি আগবঢ়োৱা অৱদানৰ কথা কেতিয়াও পাহৰিব নোৱাৰি৷ কিয়নো মুক্তি ফৌজৰ নগাঁও জিলাৰ সেনানায়ক প্ৰয়াত লক্ষ্মীপ্ৰসাদ গোস্বামীৰ নেতৃত্বত চলোৱা সেই আন্দোলনত ভাৰত ভূমিক বিদেশীৰ হাতৰ পৰা মুক্ত কৰাৰ সংকল্পৰে মৌজাটোৰ আন ঠাইবোৰৰ দৰে চকলাঘাটৰ বহু সাহসী দেশপ্ৰেমীয়েও জঁপিয়াই পৰিছিল৷

আনকি এই অঞ্চলৰ দেশপ্ৰেমী যুদ্ধাসকলৰ কাম-কাজত অতিকে মোহিত হৈ মহাত্মা গান্ধীয়ে বহুকেইজন আন্দোলনৰ শীৰ্ষ পৰ্যায়ৰ নেতাক অঞ্চলটোলৈ পঠিয়াই অঞ্চলটিক গৌৰাম্বিত কৰিছিল৷ জানিব পৰা মতে চৰম ব্যস্ততাৰ বাবেই কেইবাবাৰো আহিব খুজিও মহাত্মা গান্ধীয়ে অঞ্চলটোত পদাৰ্পণ কৰিব পৰা নাছিল যদিও তেওঁ অঞ্চলটিৰ প্ৰতি দেখুওৱা আগ্ৰহ আৰু সন্মানক স্বীকৃতি দিয়াৰ উদ্দেশ্যে অঞ্চলটোত থকা 'ফাকুদৌল' নামৰ মুকলি ৰাজহুৱা পথাৰখনক পৰৱৰ্তী পৰ্যায়ত গান্ধীজীৰ নামত উচৰ্গা কৰা হয়৷

যিখন সকলোৰে মাজত তেতিয়াৰ পৰা 'গান্ধী পথাৰ' নামেৰে জনাজাত হৈ আহিছে৷ উল্লেখ্য, চকলাঘাটৰ ক্ষেত্ৰীগাঁওস্থিত উক্ত গান্ধী পথাৰৰ বুকুত এই অঞ্চলৰ ৰাইজৰ অন্তৰত থকা দেশপ্ৰেম অদম্য সাহসৰ কথা পঞ্জীভূত হৈ আছে৷ কাৰণ মুক্তিফৌজৰ সেনানায়ক লক্ষ্মীপ্ৰসাদ গোস্বামীৰ নেতৃত্বত সেই আন্দোলনৰ সকলো সভা-সমিতি তথা অন্যান্য প্ৰতিবাদী কাৰ্যসূচী এই গান্ধী পথাৰতেই পতা হৈছিল আৰু অঞ্চলৰ সৰ্বস্তৰৰ ৰাইজ স্বতস্ফূৰ্তভাৱে উবুৰি খাই পৰিছিল তেনেবোৰ কাৰ্যসূচীত৷

কিন্তু অতি পৰিতাপৰ কথা যে দেশে স্বাধীনতা লাভ কৰাৰ ৭০ টা বছৰ অতিক্ৰম কৰিলে যদিও কিন্তু স্বাধীনতা সংগ্ৰামৰ ইতিহাস বিজড়িত ঐতিহাসিক এই গান্ধী পথাৰে লক্ষণীয়ভাৱে আজিও উপযুক্ত স্বীকৃতি নাপালে৷ প্ৰণিধানযোগ্য যে, মহাত্মা গান্ধীৰ দৰে এজন মহান ব্যক্তিৰ নামত উছৰ্গিত আৰু ঐতিহাসিক স্বাধীনতা আন্দোলনৰ স্মৃতি বহন কৰা এই স্থানটিক চৰকাৰেও গুৰুত্ব প্ৰদান নকৰাত অনাগত দিনত নৱ প্ৰজন্মই ইয়াৰ বিষয়ে জনাৰ পৰা বঞ্চিত হোৱাৰ বিপৰীতে ই কালৰ সোঁতত বিলীন হোৱাৰ আশংকা পুৰামাত্ৰাই বৃদ্ধি পাইছে৷

ইফালে, ঐতিহাসিক এই গান্ধী পথাৰতে প্ৰায় ৭ বছৰৰ আগতেই আৰম্ভ কৰা অত্যাধুনিক সা-সুবিধাযুক্ত ৰাজহুৱা প্ৰেক্ষাগৃহৰ নিৰ্মাণকাৰ্যও আজিকোপতি সম্পূৰ্ণ হৈ নুঠিল৷ অৰ্ধনিৰ্মিত অৱস্থাত থকা এই প্ৰেক্ষাগৃহটি এতিয়া এচাম উদণ্ড যুৱকৰ অসামাজিক কাৰ্যকলাপৰ ঘাটিতহে পৰিণত হৈ পৰাৰ গুৰুত্বৰ অভিযোগ উঠিছে৷

ঐতিহাসিক গান্ধী পথাৰৰ প্ৰতি ৰজাঘৰীয়াই প্ৰদৰ্শন কৰা চৰম অৱহেলা আৰু অমনোযোগিতাৰ বাবেই অনাগত দিনত ই কেৱল ৰাইজৰ মাজত এক স্মৃতি হৈহে ৰ’ব বুলি সচেতন মহলে মন্তব্য কৰিছে৷