সঘনাই ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মুল্য বৃদ্ধি, ক্ষোভিত ৰাইজ

গুৱাহাটীঃ অচ্ছে দিনৰ সপোন দেখুৱাই শাসনৰ গাডীত বহা বিজেপিয়ে দৰিদ্ৰ লোকৰ কথা চিন্তা নকৰি ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মুল্য বৃদ্ধি কৰি অহাত দোমোজাত পৰিছে সাধাৰণ লোক৷ ইণ্ডিয়ান অইল কৰ্প'ৰেশ্যনে এক চেপ্তেম্বৰত প্ৰতিটো চিলিণ্ডাৰতে ৭টকাকৈ বৃদ্ধি কৰাৰ পিছত দেওবাৰে পুনৰ বৃদ্ধি কৰিলে ৰন্ধন গেছৰ মুল্য। কেন্দ্ৰৰ নিৰ্দেশৰ ভিত্তিতে ৰাজ সাহায্য যুক্ত ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম প্ৰতি মাহতে এনেদৰে বৃদ্ধি কৰাত বিপাঙত পৰিছে দেশৰ লোক৷

কেন্দ্ৰীয় চৰকাৰে প্ৰতিদিনে ৰন্ধন গেছৰ চিলিণ্ডাৰ মুল্য বৃদ্ধি কৰি সাধৰাণ লোকক হাৰাশাস্তি কৰি অহাৰ অভিযোগ উত্থাপিত হৈছে৷ সাধাৰণ লোকৰ সমস্যাক গুৰুত্ব প্ৰদান নকৰি কিছু দিনৰ মুৰে মুৰে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মুল্য বৃদ্ধি কৰি আহিছে ভাল দিন আনিম বুলি প্ৰতিশ্ৰুতি দিয়া চৰকাৰ খনে৷ দেশত উৎসৱ মুখৰ পৰিবেশৰ সৃষ্টি হৈ থকাৰ মাজতে দেওবাৰে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ পুনৰ ডেৰ টকা মুল্য বৃদ্ধি কৰে চৰকাৰে৷

দেওবাৰৰ পৰা এই দাম বৃদ্ধি হৈছে৷ আনহাতে অহা বছৰৰ মাৰ্চৰ পৰা চৰকাৰে প্ৰতি মাহত প্ৰতিটো ৰন্ধন গেছৰ চিলিণ্ডাৰত চাৰি টকাকৈ বৃদ্ধি কৰিব৷ নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মুল্য প্ৰতিদিনে বৃদ্ধি হৈ থকাৰ সময়তে কেৱল ৰন্ধন গেছৰে নহয় বিমানৰ ইন্ধনৰ মুল্যও বৃদ্ধি কৰিব চৰকাৰে৷ চেপ্তেম্বৰৰ প্ৰথম সপ্তাহত ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মুল্য ৭ টকাকৈ বৃদ্ধি কৰিছিল চৰকাৰে৷ এমাহ সম্পৰ্ণ নহওতেই পুনৰ মুল্য বৃদ্ধি কৰি মাধমাৰ শোধাইছে ৰাইজক৷

যোৱা ৩১ জুলাইত লোকসভাৰ মজিয়াত কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে মাৰ্চ মাহৰ ভিতৰত ৰাজ সাহায্য সম্পুৰ্ণ কৰিব বুলিও কয়৷ তাৰ পিছত প্ৰতিটো ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মুল্য চাৰি টকাকৈ বৃদ্ধি হ’ব৷ এনেদৰে ৰন্ধন গেছৰ মুল্যবৃদ্ধি হোৱাত দৰিদ্ৰ শ্ৰমিক, দিনহাজিৰা কৰা লোকসকলৰ পানীত হাঁহ নচৰা পৰিবেশৰ সৃষ্টি হৈছে৷

এখাজ ভাতৰ বাবে সংগ্ৰাম কৰা লোকসকলে নিতৌ খাদ্য সামগ্ৰীৰ মুল্য বৃদ্ধি হৈ অহাত একপ্ৰকাৰ শংকটত পৰিছে৷ বিশেষকৈ অসমত বান ক্ষতিগ্ৰস্ত অঞ্চলৰ লগতে দৰিদ্ৰ লোকলকলে এখাজ ভাতৰ বাবে হাহাকাৰ কৰিব লগা হয়৷ তেনে সময়ত এই লোকসকলৰ কথা নাভাবি নৰেন্দ্ৰ মোডীয়ে খাদ্য সামগ্ৰীৰ মুল্য বৃদ্ধি নিয়ন্ত্ৰণ নকৰি ৰন্ধন গেছৰ ছিলিণ্ডাৰৰ মুল্য বৃদ্ধি কৰাত ৰাইজ ক্ষোভিত হৈ পৰিছে৷