ৰঙিয়াত স্বচ্ছতাৰ স্বৰূপ, ফটো উঠিবলৈ হাতত তুলি লয় ঝাড়ু

ৰঙিয়াঃ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সমগ্ৰ ভাৰত বৰ্ষ খনকে স্বচ্ছ কৰাৰ চেষ্টা অব্যাহত ৰখাৰ সময়তে ৰঙিয়াত স্বচ্ছৰ নামত চলিছে ভেকোভাওনা। বিভিন্ন সময়ত ৰঙিয়াত স্বচ্ছতাৰ নামত চাফাই অভিযান কাৰ্যসূচী গ্ৰহণ কৰি এক মাত্ৰ সংবাদ মাধ্যম আৰু ছচিয়েল মিডিয়াত ফটো দি বাহ বাহ লোৱাৰ চেষ্টা অব্যাহত থকাহে দেখা গৈছে।

আনকি মাজে সময়ে সাংসদ ৰমেন ডেকাইও ৰঙিয়ালৈ আহি পূৰ্বৰ পৰা চাফ চিকুণ হৈ থকা পথতে ঝাড়ু মাৰি ফটো তুলি দলৰ সক্ৰিয়তা দেখুওৱা পৰিলক্ষিত হৈছে। কিন্তু ইয়াৰ বিপৰিতে ৰঙিয়াৰ বিভিন্ন ঠাইত জাৱৰৰ দমৰ বাবে সাধাৰণ ৰাইজ যাতায়ত কৰাৰ সাংঘাটিক অসুবিধাৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে।

বিশেষকৈ ৰঙিয়া পৌৰসভাৰ অদূৰদৰ্শীতাৰ বাবে আজিৰ দিনটো ৰঙিয়া সাপ্তাহিক বজাৰলৈ অহা-যোৱা কৰা পথত বৃহৎ হাৰত জাৱৰৰ দমে ভৰি থকাৰ বাবে সমস্যাৰ সৃষ্টি হৈছে। গুৰুত্বপূৰ্ণ বিষয়টো হ’ল যে ৰঙিয়া পৌৰসভাই বিভিন্ন ঠাইৰ পৰা জাৱৰ আনি সাপ্তাহিক বজাৰৰ কাঠৰ দলংৰ সমীপৰ বৰলিয়া নৈৰ পাৰত জমা কৰাৰ বাবে উক্ত ধৰণৰ বৃহৎ সমস্যাটো সৃষ্টি হৈছে।

আনহাতে পৌৰ সভাই চহৰৰ মাজৰ উক্ত ঠাইখিনিত এনেদৰে জাৱৰ পেলোৱাৰ ফলত চহৰৰ মাজেৰে বৈ যোৱা বৰলীয়া নৈৰ পানীও সাংঘাটিক ধৰণে দুষিত হোৱা পৰিলক্ষিত হৈছে৷