খাদীৰ বাম্পাৰ অফাৰ

গুৱাহাটীঃ ধুতীৰ পিছত এইবাৰ খাদীৰ চমক৷ চৰকাৰি কৰ্মচাৰীক শনিবাৰে ধুতী পিন্ধিব দি চমক সৃষ্টি কৰাৰ পিছত এই বাৰ খাদী পিন্ধাব বিজেপি চৰকাৰে৷ খাদীৰ কাপোৰ কৰ্মচাৰীয়ে নিজৰ পকেটৰ টকাৰে কিনি পিন্ধিব নালাগে৷

চৰকাৰে খাদীৰ কাপোৰ গিফট দিব ৰাজ্যৰ প্ৰায় ৪ লাখ কৰ্মচাৰীক৷ ধুতী বিফল হোৱাৰ পিছত ৰাজ্য চৰকাৰৰ কৰ্মচাৰীক গিফট দিয়াৰ কথা সোমবাৰে ঘোষণা স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই৷

গান্ধী জয়ন্তীৰ দিনটোত এই কথা ঘোষণা কৰে মন্ত্ৰীগৰাকীয়ে৷ পহিলা বহাগৰ দিনটোত মহিলা কৰ্মচাৰীক খাদীৰ চাৰ্ট দুটা আৰু মহিলা কৰ্মচাৰীক দুখন খাদীৰ শাৰী গিফট দিব চৰকাৰে৷ গান্ধী জয়ন্তীৰ কাৰ্যসুচীত অংশ গ্ৰহণ কৰি কাপোৰ দিয়াৰ বাম্পাৰ অফাৰ ঘোষণা কৰে মন্ত্ৰী  ড০ হিমন্তই৷

মহাত্মা গান্ধীয়ে কংগ্ৰেছৰ এখন সভাত সকলো কংগ্ৰেছ নেতা-কৰ্মীক খাদী পৰিধান কৰিব লাগিব বুলি চৰ্ত দিছিল। ইমানে নহয় গান্ধীয়ে হাতেকটা সূতাৰে তৈয়াৰী আঁঠুৰ ওপৰলৈকে পৰা এখন চুৰিয়া পিন্ধিছিল আৰু শৰীৰ ঢাকিবলৈ এখন খদ্দৰৰ কাপোৰ ব্যৱহাৰ কৰিছিল। নিজে প্ৰতিদিনেই যঁতৰত সূতা কাটিছিল।