
ডিজিটেল ডেস্কঃ আমেৰিকাৰ লাছ ভেগাছত সংঘটিত গুলীবৰ্ষণ কাণ্ডত মৃতকৰ সংখ্যা ৫৮ জনলৈ বৃদ্ধি হ’ল৷ একেদৰে আহতৰ সংখ্যাও বৃদ্ধি হৈ ৫০০ৰ ঘৰ অতিক্ৰম কৰিলে৷ স্থানীয় লাছ ভেগাছ চিকিৎসা মহাবিদ্যালয়ৰ প্ৰৱক্তাই এগৰাকী আৰক্ষী সহ প্ৰায় ১৮গৰাকী লোকে সংকটজনক অৱস্থা বৰ্তমানেও মৃত্যুৰে যুজি আছে৷ দহটা ৰাইফলেৰে ৬৪ বছৰীয়া লোকে ধাৰাষাৰ গুলী বৰ্ষণ কৰিছিল আমেৰিকাৰ লাছ ভেগাছ কাণ্ডত৷
আক্ৰমণত প্ৰায় ৫০গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে প্ৰায় চাৰি শতাধিক লোক গুৰুতৰ ভাবে আহত হয়৷ হত্যকাণ্ড সংঘটিত কৰা বুলি স্বীকাৰ কৰে ইছলামিক ষ্টেট ইছলামিক ষ্টেট চমুকৈ আইএছআইএছয়ে৷ ISISয়ে দাবী কৰা মতে ঘটনা সংঘটিত কৰা লোকজনে কিছু মাহ পুৰ্বে ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল৷ আমেৰিকাৰ সময়মতে দেওবাৰে নিশা ১০.৪৫ বজাত সংঘটিত এই ঘটনাৰ সৈতে জড়িত লোকজন স্থানীয় নাগৰিক বুলি দাবী কৰে আৰক্ষীয়ে৷
ৰেষ্টুৰেন্ট আৰু কেছীনত তিনি ধৰি অনুষ্ঠিত হ’বলগীয়া ৯১ সংখ্যক হাৰ্বেষ্ট উৎসৱত সংগীতৰ কাৰ্যসুচী চলি আছিল৷ শনিবাৰে অন্তিম দিন আছিল৷ সংগীতৰ কাৰ্যসুচীত হাজাৰ হাজাৰ লোক সমবেত হৈছিল৷ স্মৰ্তব্য যে, লাছ ভেগাছৰ এখন কেছীনৰ ৩২ মহলাত এটি সংগীতৰ অনুষ্ঠান চলি থকাৰ সময়তে অস্ত্ৰধাৰীয়ে যধে-মধে গুলী বৰ্ষণ কৰে৷ ঘটনাস্থলিত ১০গৰাকী লোকৰ মৃত্যু হোৱাৰ বিপৰীতে অন্য লোকসকলৰ চিকিৎসালয়ত মৃত্যু হয়৷
জানিব পৰা মতে, এখন হোটেলৰ খিৰিকিৰে সংগীতৰ অনুষ্ঠানত সমবেত লোকক উদ্দেশ্যে ধাৰাষাৰ গুলীবৰ্ষণ কৰে৷ প্ৰথম অৱস্থাত সংগীতৰ অনুষ্ঠানত সমবেত লোকসকলে কত কি হ’ল উৱাদিহ পোৱা নাছিল৷ সংগীতৰ অনুষ্ঠান উপলক্ষে ফটকা-ফুটুৱা বুলি অনুমান কৰিছিল৷