ৰঙিয়াত উত্তাল প্ৰতিবাদ

ৰঙিয়াঃ ৰঙিয়াত অংগনবাড়ী কৰ্মী-সহায়িকাৰ উত্তাল প্ৰতিবাদ৷ ৰঙিয়া চহৰস্থিত সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ কাৰ্যালয়ত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে কৰ্মী-সহায়িকাসকলে। দুৰ্গা পূজাৰ পুৰ্বে দৰমহা আদায় নিদিয়াত ক্ষোভিত হৈ কৰ্মী-সহায়িকাই কাৰ্যালয় ঘেৰাও কৰি উত্তাল কৰে পৰিবেশ৷

যোৱা চাৰিমাহে কৰ্মী-সহায়িকাসকলে দৰহমা নোপোৱাৰ অভিযোগ উত্থাপন কৰে। ৰঙিয়া সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়া মনজিৎ দাসে গুৰুত্ব আৰোপ নকৰাৰ বাবে দৰমহা নোপোৱা বুলি অভিযোগ উত্থাপন কৰে কৰ্মী-সহায়িকাসকলক।

দৰমহা লাভ নকৰাত ক্ষোভত ফাটি পৰিছে কৰ্মীসকলে। দৰমহা বঞ্চিত মহিলা কৰ্মচাৰীসকলে সৃষ্টি কৰিলে এক উত্তাল পৰিবেশৰ। শীঘ্ৰে দৰমহা লাভ নকৰিলে আন্দোলনৰ চলাই যোৱাৰ হুংকাৰ দিয়ে দৰমহা বঞ্চিত কৰ্মী সহায়িকাই।