জালুকবাৰীত শুই থকা চোৰৰ দৌৰ

জালুকবাৰীঃ ৰাষ্ট্ৰীয় পথৰ পৰা কিছু নিলগত ৰখাই থোৱা আছিল এখন ব’লেৰ পিক আপ ভান৷ চালক আৰু হেণ্ডিমেনে AS-15C-2286 নম্বৰৰ ব’লেৰ পিক আপ ভান ৰখাই ওচৰতে থকা কোঠাত শুবলৈ গৈছিল৷

কিছু সময় পিছত গাড়ীৰ চালকে কোঠাৰ পৰা ওলাই আহি ৰৈ থকা ব’লেৰ খনত দুজন লোকক বহি থকা প্ৰত্যক্ষ কৰে৷ লগে লগে চালক হেণ্ডীমেনে কোঠাৰ পৰা ওলাই আহি দেখে যে দুজন লোকে গাড়ী খনৰ লক ভাঙিবলৈ চেষ্টা চলাই আছে৷

গাড়ীৰ চালক হেণ্ডিমেনে তহঁত কোন বুলি মাত দিয়াৰ লগে লগে দুয়ো গাড়ীৰ পৰা নামি দৌৰিবলৈ আৰম্ভ কৰে৷ হেণ্ডিমেন আৰু চালকো কম নহয় লোক দুজন আগে আগে হেণ্ডিমেন চালক পিছে পিছে৷ এনেদৰে দৌৰি থকাত ওচৰৰ তেল ডিপো’ এটাৰ কৰ্মচাৰীয়ে এজন লোকক গবা মাৰি ধৰে যদিও আনজন লোক পলাই সাৰে৷

মঙলবাৰে নিশা ৰেডিচন-ব্লু হোটেলৰ সমীপত ৰখাই থোৱা আছিল বলেৰ' পিক আপ ভান খন। পেট্ৰল পাম্পৰ কৰ্মচাৰীৰ সহযোগত নজৰুল নামৰ চোৰটোক ধৰি নিশাই চালক-হেণ্ডিমেনে জালুকবাৰী আৰক্ষীক গটাই দিয়ে।

এখন মাৰুতি অল্ট’ত আহিছিল নজৰুল আলীসহ তিনিজনকৈ লোক। বাকী কেইজনক পলায় সাৰিবলৈ সক্ষম হয়। স্মৰ্তব্য যে, একেখিনি ঠাইৰ পৰা প্ৰায় দুমাহ পূৰ্বে ছাইদুল ইছলাম নামৰ যুৱক এজনৰ AS-25CC-1098 নামৰ গাড়ী এখনো চুৰি হৈছিল।