আলোচনাৰ নামত চৰকাৰে প্ৰতাৰণা কৰিছে এনডিএফবি (প্ৰ)ক

কোকৰাঝাৰঃ সাৰ্বভৌম বড়োলেণ্ডৰ দাবীত ১৯৮৬ চনৰ আজিৰ দিনটোতে ‘বি এচ এফ’ নামাকৰণৰে সশস্ত্ৰ সংগঠনৰ আত্মপ্ৰকাশ কৰা বৰ্তমানৰ এনডিএফবি (প্ৰগতিশীল) গোটে আজি সংগঠনৰ ৩১তম প্ৰতিষ্ঠা দিৱস বিটিএডিৰ কোকৰাঝাৰ, ওদালগুৰি আৰু বাস্কা জিলাৰ ডেজিগনেট শিৱিৰত পৃথকে পৃথকে পালন কৰে৷ এই উপলক্ষে আজি কোকৰাঝাৰ জিলাৰ সেৰফাংগুৰিস্থিত কুমগুৰী ডেজিগনেট শিৱিৰত এনডিএফবি (প্ৰ) গোটে সংগঠনৰ ৩১তম প্ৰতিষ্ঠা দিৱস দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰে৷ 

কাৰ্যসূচী অনুসৰি ৰাতিপুৱাৰে পৰা আৰম্ভ হোৱা এনডিএফবি (প্ৰ) প্ৰতিষ্ঠা দিৱস উপলক্ষে কেডাৰ সকলৰ সামৰিক কুঁচকাৱাজ আৰু অভিবাদনৰ মাজতে সংগঠনৰ সাংগঠনিক পতাকা উত্তোলন কৰে এনডিএফবি(প্ৰ)ৰ ন্যায়িক সচিৱ বি চুডেমে৷ ইয়াৰ পিছতেই শ্বহীদ বেদীত মাল্যৰ্পন আৰু পুষ্পাৰ্ঘ অৰ্পণ কৰে এনডিএফবি(প্ৰ)ৰ গৃহ সচিৱ এম গেৰেমাই। এনডিএফবিৰ ৩১ তম প্ৰতিষ্ঠা দিৱস উপলক্ষে কুমগুৰী ডেজিগনেটেট কেম্প চৌহদত এক মুকলি সভাও অনুষ্ঠিত হয়৷ যত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ উৰ্খাও গৌৰা ব্ৰহ্ম। 

মুখ্য অতিথিৰ ভাষণত প্ৰাক্তন সাংসদ উৰ্খাও গৌৰা ব্ৰহ্মই কয় যে চৰকাৰে আলফা বা এনএছচিএনক যিমান গুৰুত্ব দিছে তেনে গুৰুত্ব এনডিএফবিক দিয়া পৰিলক্ষিত হোৱা নাই। যুদ্ধবিৰতি কৰাৰ পিছত সংগঠনৰ দাবীসমূহ সমাধান কৰাটো চৰকাৰৰ নৈতিক দায়িত্ব বুলি মত প্ৰকাশেৰে উৰ্খাও গৌৰা ব্ৰহ্মই এনডিএফবি(প্ৰ)ৰ কেডাৰসকলোকো ধৈৰ্য ধৰিবলৈ আহ্বান জনায়। তদুপৰি প্ৰাক্তন সাংসদগৰাকীয়ে সংগঠনটোৰ কেডাৰ সকলক সমাজ সংস্কাৰৰ কামত ব্ৰতী হ’বলৈও আহ্বান জনাইছে।

ইপিনে পৃথক বড়োলেণ্ড গঠন তথা বড়ো সমস্যাৰ সমাধানৰ দাবীত কংগ্ৰেছ চৰকাৰৰ দিনত ১৩ বাৰকৈ আলোচনা অনুষ্ঠিত হৈছিল যদিও বিজেপি চৰকাৰৰ দিনত মাথো এবাৰহে আলোচনা অনুষ্ঠিত হৈছে বুলি মন্তব্য কৰিছে এনডিএফবি(প্ৰ)ৰ সহকাৰী তথ্য আৰু প্ৰচাৰ সচিব আৰ ডাউখাই৷ বিজেপি চৰকাৰে প্ৰতিশ্ৰুতি অনুসৰি নিজ দায়িত্ব আৰু কৰ্তব্য পালনত ব্যৰ্থ হৈছে আৰু কিছু পৰিমাণে বিজেপি চৰকাৰ দূৰ্বল বুলি মন্তব্যৰে বিষয়টোৰ গুৰুত্ব অনুধাৱন কৰি অতি শীঘ্ৰে সমস্যাৰ সমাধান কৰিবলৈ আৰ ডাউখাই আহ্বান জনাইছে।

আনহাতে সংগঠনটোৰ প্ৰতিষ্ঠা দিৱসৰ ক্ষনত সুকীয়া বড়ো ৰাজ্যৰ দাৱীত কোনো আপোচ কৰা নহ’ব বুলি হুংকাৰ দি দাবী পুৰণ নোহোৱালৈ তীব্ৰ গণ আন্দোলন চলাই যাব বুলি মন্তব্য কৰিছে এনডিএফবি(প্ৰ)ৰ গৃহ সচিব এম গেৰেমাই৷ এনডিএফবি (প্ৰ)য়ে যুদ্ধবিৰতি কৰা ১২ বছৰ হ'ল যদিও আজিলৈকে চৰকাৰে গুৰুত্ব নিদিয়াত আক্ষেপ প্ৰকাশ কৰি তেওঁ কয় যে ২০০৫ চনৰ পৰা ২০১৮ চনলৈ আলোচনাৰ নামত কেন্দ্ৰীয় চৰকাৰে এনডিএফবিৰ (প্ৰ)ৰ সতে চৈধ্য বাৰকৈ আলোচনা কৰিলে যদিও একমাত্ৰ সদিচ্ছাৰ অভাৱৰ বাবেই আজিও বড়ো সমস্যাৰ সমাধান নহ'ল আৰু যাৰ পৰিণতিতে ডেজিগনেটেট শিৱিৰতে কেডাৰ সকলে বহু সমস্যাৰ মাজতে দিন অতিবাহিত কৰিবলগীয়া হৈছে। 

কোকৰাঝাৰ জিলাৰ ছেৰফাংগুৰীৰ কুমগুৰীস্থিত এনডিএফবি(প্ৰ)ৰ ডেজিগনেটেট কেম্পত আজি উদযাপিত হোৱা এনডিএফবি(প্ৰ)ৰ ৩১তম প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত এবছুৰ সাধাৰণ সম্পাদক লৰেঞ্চ ইছলাৰী, পিজেএচিবিএমৰ উপমুখ্য আহ্বায়ক গৰ্জন মুছাহাৰী, বিটিচিৰ নিৰ্বাচিত সদস্য ক্ৰমে জিৰণ বসুমতাৰী, মাউথি হাজোৱাৰী, যতীন্দ্ৰ ওৱাৰী, ৰৌণগৌৰা নাৰ্জাৰী আদিকে ধৰি কেবাগৰাকী বিশিষ্ট ব্যাক্তিয়ে অংশগ্ৰহণ কৰে।