স্কুলৰ নহয়, এইবাৰ ঘৰুৱা শিক্ষকৰ যৌন নিৰ্যাতন নাবালিকাক

গোৰেশ্বৰঃ বাক্সা জিলাৰ গোৰেশ্বৰ থানা অন্তৰ্গত গোৰেশ্বৰৰ চহৰৰ মাজমজিয়া সংঘটিত ঘৰুৱা শিক্ষকৰ দ্বাৰা ছাত্ৰীক যৌন আতিশয্যৰ ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ২ অক্টোবৰত এগৰাকী ৯ বছৰীয়া চতুৰ্থ শ্ৰেণীৰ ছাত্ৰীক ঘৰুৱা শিক্ষক এগৰাকীয়ে চলোৱা যৌন আতিশয্যৰ ঘটনাই জোকাৰি গৈছে চহৰখনক।

আজি নাবালিকা গৰাকীৰ মাতৃয়ে গোৰেশ্বৰ থানাত এই বিষয়ে লিখিত এজাহাৰ দাখিল কৰে। এজাহাৰত মাতৃ মনিষা আগৰৱালাই উত্থাপন কৰা অভিযোগ অনুসৰি তেওঁৰ ন বছৰীয়া কন্যা সন্তানে ছবি শিকিবৰ বাবে ঘৰুৱা শিক্ষক ২ নং গোৰেশ্বৰ নিবাসী ফিদ্দুছ ৰহমানৰ ঘৰলৈ যায়। কিন্তু ঘৰত কোনো নথকাৰ সুযোগ লৈ শিক্ষক গৰাকীয়ে ছাত্ৰী গৰাকীৰ গুপ্তাংগত হাত দিয়াৰ লগতে যৌন আতিশয্য চলায়।

ছাত্ৰী গৰাকীয়ে ঘৰলৈ আহি কান্দি-কান্দি এই কথা মাতৃৰ আগত প্ৰকাশ কৰে। পিছত ঘটনাৰ সবিশেষ জনাৰ বাবে ঘৰুৱা শিক্ষক গৰাকীৰ ঘৰলৈ মাতৃ আৰু পৰিয়ালৰ অন্য সদস্য যায় যদিও অভিযুক্তক ঘৰত বিচাৰি নাপায়। অন্যহাতে অভিযুক্তৰ ভাতৃ গৰাকীয়ে তেওঁলোকক ওলটাই তৰ্জন-গৰ্জন কৰি ঘটনা সম্পৰ্কত আইনী সহায় নল'বলৈ ভাবুকি প্ৰদান কৰে।

ইপিনে পৰিয়ালৰ লোকে এজাহাৰ দিয়াৰ পিছতো অভিযুক্তৰ ক্ষেত্ৰত বিহিত ব্যৱস্থা নলোৱা অভিযোগ উত্থাপন কৰিছে ছাত্ৰী গৰাকীৰ পৰিয়াল বৰ্গই। ইপিনে এই ঘটনাক তীব্ৰ গৰিহণা দিছে বিভিন্ন দল-সংগঠনে। শিক্ষকতাৰ দৰে মহৎ বৃত্তিত জড়িত থাকিও এনে নীচ কৰ্মত লিপ্ত শিক্ষকগৰাকীক শীঘ্ৰে কৰায়ত্ত কৰি শাস্তি প্ৰদান কৰাৰ দাবী জনাইছে গোৰেশ্বৰ আঞ্চলিক আছু, আক্ৰাছু আৰু মাৰোৱাৰী যুৱ মঞ্চৰ গোৰেশ্বৰ শাখাই। অন্যথা গণতান্ত্রিক আন্দোলনৰ পথ গ্ৰহণ কৰিবলৈ বাধ্য হ'ব বুলিও সকীয়াই দিছে সংগঠন কেইটাই।

অৱশ্যে এই সম্পৰ্কত অভিযুক্ত শিক্ষকগৰাকীক সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত তেওঁ এই অভিযোগ অস্বীকাৰ কৰিছে।