কামপুৰত চোৰৰ ৰূপত বিদ্যালয়ৰ শিক্ষক

কামপুৰঃ এইবাৰ বিদ্যালয়ত চোৰৰ ৰূপত শিক্ষক। কামপুৰ হৰিটেৰণ উচ্চ মাধ্যমিক বিদ্যালয়ত এই ঘটনা। নিশা সহকাৰী প্ৰধান শিক্ষক মনমোহন নাথে শিক্ষক প্ৰমোদ নাথ আৰু চতুৰ্থবৰ্গ কৰ্মচাৰী ধনেশ্বৰ বৰাৰ সহযোগত বিদ্যালয়ৰ গুৰুত্বপূর্ণ ফাইল চুৰি কৰি আনোতেই স্থানীয় লোকে হাতে লোটে ধৰাত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে।

পাছত ৰাইজৰ ৰুদ্ৰমূৰ্ত্তি দেখি চুৰি কৰা ফাইল বিদ্যালয়ত থৈ যাবলৈ বাধ্য হয় শিক্ষকগৰাকীয়ে। শিক্ষক গৰাকীয়ে কি ফাইল চুৰি কৰিছিল এই পৰ্যন্ত জানিবপৰা নাই যদিও মধ্যাহ্ন ভোজনৰ ব্যাপক কেলেংকাৰী ঢাকিবলৈ এই ফাইল চুৰি কাৰ্যত লিপ্ত হোৱা বুলি সন্দেহ কৰা হৈছে।

ইফালে চোৰ ৰূপী শিক্ষক গৰাকীয়ে গুণোৎসৱৰ বাবে নিশা বিদ্যালয়ৰ পৰা ফাইল আনিব লগা হৈছে বুলি মন্তব্য কৰিছে।