
বৰপেটাঃ কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত বৰপেটাৰ পৰা গুৱাহাটীৰ গণ সমাবেশলৈ গৈ থকা চাৰিখন ডাঙৰ বাহনক বাটতে বাধা প্ৰদান কৰে বৰপেটা আৰক্ষী আৰু চি আৰ পি এফে। গুৱাহাটীলৈ গৈ থকা বাছ সমূহক বৰপেটা জিলাৰ মাজদিয়াত তাৰাবাৰী থানা আৰু সৰ্থেবাৰী থানা পুলিচে ঘেৰি ধৰি আটক কৰে।
অধিৱেশনলৈ গৈ থকা তিনিশতাধিক কৃষক আৰু ছাত্ৰই গণতান্ত্ৰিক কাৰ্যসূচিত অংশগ্ৰহণত বাধা প্ৰদান কৰা কাৰ্যক চৈৰাচাৰীতা আখ্যা দি কৃষক-ছাত্ৰ সকলে বৰপেটা-গুৱাহাটী পথ অৱৰোধ কৰি বিভিন্ন শ্ল’গানেৰে আকাশ বতাহ উত্তাল কৰি তোলে। বৰপেটা জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ যুটীয়া সম্পাদক কাজী নাজিমূল হক, জিলা ছাত্ৰ মুক্তিৰ সভাপতি ৰেজ্জাক খান, ছাত্ৰ নেতা আশ্ৰাফুল হুছেইনৰ নেতৃত্বত বৰপেটা জিলাৰ দক্ষিণ প্ৰান্তৰ পালহাজী, গোমাফুলবাৰী, বহৰি, পদ্মপাৰা, বান্দালী, বৰমাৰা, চেঙা, মাজেদিয়া আদি এলেকাৰ পৰা গুৱাহাটীলৈ গৈ থকা কৃষক আৰু ছাত্ৰক এনেদৰে বাধা দিয়া কাৰ্যক চৰকাৰী পৃষ্ঠপোষকতাত বাক স্বাধীনতা হৰণ আৰু গণতান্ত্ৰিক বাতাবৰণ বিনষ্ট কৰা বুলি অভিযোগ তোলে প্ৰতিবাদকাৰী সকলে৷
নাজিমূল হকে কয়, ‘‘অখিল গগৈৰ মুক্তিৰ দাবী তোলা, বৃহৎ নদী বান্ধৰ বিৰোধীতা কৰা, নাগৰিকত্ব সংশোধনী বিলৰ বিৰোধীতা কৰাটো যদি বে-আইনী নতুবা অন্যায় তেন্তে এনেকুৱা কাম আমি আৰু আমাৰ সংগঠনে হাজাৰ বাৰ কৰিম। আজি পুলিচে যি ফেচিষ্ট কায়দাৰে গণ সমবেশত অংশগ্ৰহণকাৰী সকলক আটক কৰি ৰাখিছে এয়া গণতন্ত্ৰত টেঁটুচেপি হত্যাকৰা হৈ আছে’’।
ইপিনে ৰেজ্জাক খান আৰু আশ্ৰাফুল হুছেইনে ভাষণ প্ৰসংগত কয়, ‘‘আজি যি পুলিচী গুণ্ডাৰাজ ইয়াত চলাই থকা হৈছে এয়া প্ৰকৃততে নাগপুৰৰ পৰা হে চালিত। আৰ এছ এছৰ নিৰ্দেশত চলা চৰকাৰৰ আৰু তেওঁলোকৰ ভেৰণীয়া গুণ্ডা বাহিনী পুলিচে ইয়াত আইনৰ শাসন চলোৱাত ব্যৰ্থ হৈছে। চৰকাৰ বিৰোধী কোনো কাৰ্যসূচী ললেই এনেদৰে দমন কৰি বিজেপি চৰকাৰে দিনক দিনে ফেচিবাদৰ চূড়ান্ত শিখৰত যাব ধৰিছে, এই সময় সাধাৰণ জনগণৰ বাবে গণতান্ত্ৰিক বাতাবৰণ ধৰি ৰখাৰ নিমিত্তে ওলাই অহাৰ সময়।’’
প্ৰতিবাদকাৰীসকলে অসম চৰকাৰ মুর্দাবাদ, অসম পুলিচ হায় হায়, অখিল গগৈক মুক্তি দিয়ক, বৃহৎ নদীবান্ধ বন্ধ কৰক, বাংলাদেশী সংস্থাপন মানি লোৱা নহ'ব ইত্যাদি শ্ল’গান দি পথ অৱৰোধ কৰে৷ প্ৰতিবাদকাৰী সকলক পুলিচে বে-আইনী ঘোষণা কৰি গ্ৰেপ্তাৰ কৰে যদিও তেওঁলোকে ৰাজপথৰ পৰা উঠি যাবলৈ অমান্তি হয়, বৰঞ্চ গুৱাহাটীলৈ যোৱাৰ বাবে দাবী তুলি প্ৰতিবাদ তুংগত কৰাত চুচৰাই-বগৰাই গাড়ীত তুলিবলৈ ধৰে পুলিচ আৰু চি আৰ পি এফে।
পুলিচৰ এনে নিৰ্দয় আচৰণত আশ্ৰাফুল হুছেইন নামৰ ছাত্ৰ নেতা গৰাকী আহত হয়৷ পাছত তেওঁক বহৰি স্বাস্থ্য কেন্দ্ৰত চিকিৎসা প্ৰদান কৰে। ইপিনে প্ৰতিবাদকাৰী সকলক গ্ৰেপ্তাৰ কৰি তাৰাবাৰী থানালৈ লৈ যায় যদিও প্ৰতিবাদকাৰী সকলে শ্ল’গান অব্যাহত ৰাখে। থানা চৌহদত শ্লোগান দিয়া বাবে চি আৰ পি এফ জোৱানে খোদ ডি এচ পিৰ সন্মুখত লাঠি চলাবলৈ চোচা লৈ আহে। অসম পুলিচৰ বাধাও চি আৰ পি এফে মানিবলৈ ৰাজী নহৈ প্ৰতিবাদকাৰীক লাঠিৰে আঘাত কৰে। এনেদৰে প্ৰতিবাদকাৰীক তাৰাবাৰী থানা চৌহদত গ্ৰেপ্তাৰ কৰি ৰাখি বিয়লি প্ৰায় তিনি বজাত নিজ জামিনত মুক্তি দিয়ে।