
গুৱাহাটীঃ কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ জ্যেষ্ঠ সাংবাদিক পুলিন বৈশ্যৰ বুধবাৰে চিকিৎসাধীন অৱস্থাত মৃত্যু হয়৷ এটি দুৰ্ঘটনাত পতিত হৈ যোৱা কেবাদিন ধৰি গুৱাহাটী মহানগৰীৰ সমীপৰ আমিনগাঁৱৰ নাৰায়ণা হস্পিতালত চিকিৎসা গ্ৰহণ কৰি আছিল সাংবাদিকগৰাকীয়ে৷
আজিৰ দৈনিক বাতৰিকে ধৰি কেবাখনো আগশাৰীৰ দৈনিক বাতৰি কাকত তথা শেহতীয়াকৈ ব্যক্তিগত খণ্ডৰ নিউজ চেনেল নিউজ টাইম আসমত কাম কৰি আছিল বৈশ্যই৷ সাংবাদিকতা কৰাৰ পুৰ্বে বৈশ্যই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পিৰষদৰ গুৱাহাটী মহানগৰ সমিতিৰ সৈতে জড়িত আছিল৷গুৱাহাটী মহানগৰ সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতিৰ দায়িত্বও পালন কৰিছিল বৈশ্যই৷
দুৰ্গা পুজাৰ সপ্তমীৰ দিনটোত বাইহাটা চাৰিআলিৰ সমীপৰ কলাজলৰ নিজ ঘৰৰ পৰা মটৰচাইকেলেৰে বাইহাটা চাৰিআলিলৈ আহি থকা অৱস্থাত বাইহাটাত ৩১ নং ঘাই পথৰ দলমা গেটত দুৰ্ঘটনাত পতিত হৈ গুৰুতৰ ভাবে আহত হয় সাংবাদিকগৰাকী৷ স্থানীয় লোকে সাংবাদিকগৰাকীক নাৰায়ণা হস্পিতালত ভৰ্তি কৰায়৷
বুকু আৰু ভৰিত আঘাত পোৱা সাংবাদিকগৰাকী বুধবাৰে চিকিসাধীন অৱস্থাত মৃত্যুবৰণ কৰে৷ এনই টিভিৰ জ্যেষ্ঠ সাংবাদিক হিচাপে তথ উত্তৰ কামৰূপত সাংবাদিক হিচাপে এক সুকীয়া স্থান আছিল তেওৰ৷ তেওৰ মৃত্যত বাইহাটা চাৰিআলিত শোকৰ ছাঁ পৰে৷ বাইহাটা চাৰিআলি প্ৰেছ ক্লাৱ, কামৰূপ জিলা সাংবাদিক সন্থাৰ সৈতে জড়িত আছিল বৈশ্য৷ সাংবাদিকগৰাকীৰ মৃত্যুত গোৰেশ্বৰ প্ৰেছ গীল্ড, সদৌ অসম গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদ, ৰঙিয়া প্ৰেছ ক্লাব সহিতে দল-সংগঠনে শোক প্ৰকাশ কৰে৷ সাংবাদিকগৰাকীয়ে মৃত্যুৰ সময়ত পত্নী, এটি পুত্ৰ সন্তান সহ বহু আত্মীয়ক ইহ সংসাৰত এৰি থৈ যায়৷