লক্ষ্মী আহি ভৰি দিছে দুৱাৰদলিত

                                   ''যা দেৱী সৰ্বভূতেষুঃ লক্ষ্মী ৰূপেণঃ সংস্থিতাঃ
                                     নমস্তেসৈ নমস্তেসৈ নমস্তেসৈ নমোঃ নমঃ।৷''

ধৰাৰ বুকুত আকৌ এবাৰ শৰতৰ আবিৰ। সেউজীয়া হৈ পৰা পথাৰ খনৰ মাজেৰে পুনৰ যেন জীপাল হৈ পৰিছে শৰৎ। দুৰ্গোৎসৱৰ কিছুদিন পাছতেই এইবাৰ দেৱী লক্ষ্মীৰ পূজা অৰ্চনাত ব্যস্ত হৈ পৰিছে ৰাজ্য বাসী। অঞ্চলে অঞ্চলে নামিছে উছাহৰ ধল। 

কাইলৈ ধনৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মীৰ পূজা৷ ইতিমধ্যে আই লক্ষ্মীক আদৰিবলৈ পূৰ্ণ প্ৰস্তুতি চলিছে। পথাৰৰ ধান, বাৰীৰ তামোল পানেৰে ভৰি পৰিছে বজাৰ গাঁও-চহৰৰ বজাৰ। ধনৰ অধিষ্ঠাত্ৰী দেৱীৰ শ্ৰীচৰণত প্ৰণিপাত জনাই সকলোৱে কামনা কৰিছে ধনে-ধানে পৰিপূৰ হোৱাৰ। ধনদাত্ৰীৰ পূজাৰ বাবে প্ৰয়োজনীয় সা-সামগ্ৰীৰে উথপথপ হৈ পৰিছে বজাৰ সবাহ। আনফালে ঘৰখন নদন-বদন হৈ উঠাৰ কামনাৰে কাইলৈ প্ৰতি ঘৰতে জ্বলি উঠিব আশাৰ বন্তি। 

যোৱা কিছুদিনৰ পৰাই বজাৰত উপলব্ধ হৈছে ধানৰ সীহ, কেচা তামোল-পান, কেচা নাৰিকল, পাদুকা চিহ্ন অাদি বিভিন্ন সা-সামগ্ৰীৰ লগতে আইলক্ষ্মীৰ সৰু-বৰ মূৰ্ত্তি আৰু ফটো। এনে সামগ্ৰীবোৰেৰে বজাৰ ভৰি পৰাৰ লগতে দেখিবলৈ পোৱা গৈছে গ্ৰাহকৰ প্ৰবল ভিৰ। 

মহানগৰত এনেবোৰ সামগ্ৰীৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি এচাম ব্যৱসায়ীয়ে সামগ্ৰীসমূহ দাম বঢ়াই দিয়া পৰিলক্ষিত হৈছে। এমুঠি কেচা ধানৰ সীহৰ মূল্য মহানগৰীত ১০ টকাৰ পৰা ১৫০ টকা পৰ্য্যন্ত ধাৰ্য কৰা হৈছে। তাৰ সমান্তৰালকৈ নাৰিকল, কেচা তামোল, কুহিয়াৰ আদি সামগ্ৰীসমূহৰ দামো পূৰ্বৰ তুলনাত যথেষ্ট বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে।

উল্লেখ্য যে, জি এছ টি য়ে সাধাৰণ গ্ৰাহক-ক্ৰেতাৰ মূৰত মাধমাৰ শোধালেও আই লক্ষ্মীৰ পূজা অৰ্চনাৰ উৎসাহ কোনো গুণে ম্লান পৰা নাই ভৰ্তপ্ৰাণ ৰাইজৰ মাজত৷