যৱনিকা পৰিল ইব্ৰাহীম কাণ্ডৰ, দুৰ্গম অঞ্চলৰ পৰা মৃতদেহ উদ্ধাৰ

লংকাঃ অৱশেষত হোজাই জিলাৰ নখুটিৰ দুৰ্গম অঞ্চলৰ পৰা উদ্ধাৰ হ'ল গোলাঘাটৰ অপহৃত ব্যৱসায়ী ইব্ৰাহীম আলীৰ মৃতদেহ৷ ১৮ দিন পূৰ্বে গোলাঘাটৰ শান্তপুৰৰ ইব্ৰাহীম আলী নামৰ ব্যৱসায়ীজনক গিয়াছউদ্দিন সহ দুজন দুৰ্বৃত্তই অপহৰণ কৰি হোজাইলৈ লৈ আনিছিল৷

সেই ঘটনাৰ ১৮ দিন পাছত হোজাই আৰক্ষীয়ে ঘটনাৰ মূল নায়ক গিয়াছউদ্দিনক নগাঁৱৰ কছুৱাৰ পৰা আটক কৰে৷ তাৰ পাছতে ফাদিল হয় ৰহস্যৰ৷ 

আৰক্ষীৰ জেৰাত ধৃত গিয়াছে ব্যৱসায়ীজনক হত্যা কৰি হোজাইৰ নখুটিৰ দুৰ্গম অঞ্চলত মৃতদেহটো পুটি থোৱা বুলি স্বীকাৰ কৰে৷ ধৃত গিয়াছ উদ্দিনৰ ভাষ্য অনুসৰি উক্ত স্থানত অভিযান চলাই আজি বিয়লি আৰক্ষীয়ে মৃতদেহ উদ্ধাৰৰ কৰিবলৈ সক্ষম হয়৷