বৰমা কদমত'লাত শ্ৰীশ্ৰী গোপাল থানত ধৰ্মীয় উৎসৱ

The Janambhumi
The Janambhumi

নলবাৰীঃ বৰমা কদমত'লাস্থিত শ্ৰীশ্ৰী গোপাল থানত অহা ৮ অক্টোবৰত এখন ৰাজহুৱাভাবে এখনি শৰাই আগবঢ়োৱাৰ আয়োজন কৰাৰ লগতে দিনযোৰা কাৰ্য্যক্ৰমণিকাৰে নৱম বাৰ্ষিক ধৰ্মীয় উৎসৱ উদ্‌যাপনৰ আয়োজন কৰিছে।

কাৰ্যসূচী অনুসৰি ৮ অক্টোবৰৰ পুৱা ৬ বজাত শৰাই স্থাপন। পুৱা ৬-৩০ বজাত প্ৰাতঃ প্ৰসংগ। পুৱা ৮ বজাত গৰখীয়া সেৱা। পুৱা ৮-৩০ বজাত ভাগৱত শোভা যাত্ৰা। পুৱা ৯ বজাত গীতা পাঠ। পুৱা ১০-৩০ বজাত আয়তী সকলৰ সমূহীয়া নাম-কীৰ্ত্তন।

দুপৰীয়া ১২ বজাত শৰাই বিসৰ্জন ও প্ৰসাদ বিতৰণ। আবেলি ১ বজাত সিদ্ধ প্ৰসাদ বিতৰণ। আবেলি ১-৩০ বজাত নাগাৰা নাম প্ৰদৰ্শন। সন্ধিয়া ৫ বজাত সমূহীয়া বন্তি প্ৰজ্বলন। সন্ধিয়া ৫-১৫ বজাত শৰাই স্থাপন।

সন্ধিয়া ৫-৩০ বজাত সন্ধ্যা প্ৰসংগ। সন্ধিয়া ৭ বজাত নাগাৰা নাম প্ৰদৰ্শন। নিশা ১২ বজাত শৰাই বিসৰ্জন। প্ৰতিটো কাৰ্যসূচীত সকলো ধৰ্ম প্ৰাণ ৰাইজৰ দিহা পৰামৰ্শ, সহায় সহযোগিতা কামনা কৰিছে আয়োজক সকলে।