ধলাৰ পৰা গুৱাহাটীলৈ স্বাধীন নাৰী শক্তিৰ পদ যাত্ৰা

প্ৰতিকী ফটো,উৎস ইন্টাৰনেট,
প্ৰতিকী ফটো,উৎস ইন্টাৰনেট

কাকপথাৰঃ স্বাধীন নাৰী শক্তি অসম নামৰ মহিলা সংগঠনটোৱে আজি দিনৰ ভাগৰ পৰা ছয়দফীয়া দাবী তুলি প্ৰতিবাদী পদযাত্ৰা আৰম্ভ কৰিছে ধলা-শদিয়া সংযোগী সেতুৰ পৰা৷  

অসমৰ খিলঞ্জীয় ঐক্য অধিকাৰ সুৰক্ষা কৰা, সাম্প্ৰদায়িক বিষবাস্পৰে অসমৰ পৰিৱেশ বিনষ্ট নকৰি শান্তি প্ৰতিষ্ঠা কৰা, নাৰী নিৰ্যাতনৰ অভিযুক্তক তাৎক্ষনিক দৃষ্টান্তমুলক শাস্তি প্ৰদান কৰা, মহিলাৰ নিৰাপত্তা সুনিশ্চিত কৰা, ৰাষ্ট্ৰসংঘৰ নিৰ্দেশ অনুযায়ী গৃহিনীক গৃহ শ্ৰমিক ঘোষণা কৰি নিয়ম মাফিক চৰকাৰী ভাট্টা প্ৰদান কৰা, সুৰাৰ অবাধ প্ৰচলন বন্ধ কৰা, অসমৰ জাতীয় প্ৰতিক গঁড়ৰ চিহ্ন সুৰাৰ সৈতে ব্যৱহাৰ কৰি অসমৰ জাতীয় জীৱন অৱমাননা কৰা আদি কেইবাটাও দাবীত নাৰী সংগঠনটোৱে পদযাত্ৰা বাহিৰ কৰে৷ 

সংগঠনটোৰ কাৰ্যকৰী সভানেত্ৰী মৌচুমী বৰাই নেতৃত্ব বহন কৰা এই পদযাত্ৰা গুৱাহাটীস্থিত ড০ ভূপেন হাজৰিকাৰ সমাধিত অন্ত পৰিব৷ সংগঠনটোৱে পদযাত্ৰাত সকলোৰে সহযোগিতা কামনা কৰিছে৷