ৰঙিয়াৰ জিৰাট কেলেংকাৰীৰ তদন্তৰ দাবী মুক্তি যুজাৰু কৃষ্ণ লহকৰৰ

ৰঙিয়াঃ প্ৰতিদিনে ৰাজ্যৰ বিভিন্ন বিভাগত দুৰ্নীতি সংঘটিত হৈ অহাৰ বাতৰি সংবাদ মাধ্যমত প্ৰকাশ হৈ অহাৰ পিছতো ৰাজ্য চৰকাৰে গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন হৈছে৷ ৰাজ্যৰ প্ৰতিটো বিভাগত বিষয়া-কৰ্মচাৰীয়ে টকা নহলে আজিও কাম নকৰে৷ সেই কথা আজিও ৰাইজৰ মুখে মুখে৷ ৰাজ্যৰ ৰাজধানীৰ সমীপৰ পেঞ্চন কাৰ্যালয়ৰ পৰা আৰম্ভ কৰি গ্ৰাম্য অঞ্চলৰ চিকিৎসালয়লৈ সকলোতে এতিয়া টকাৰ বেহা চলাৰ বাতৰি প্ৰচাৰ হৈ আহিছে৷

তাৰ মাজতে ৰাজ্যৰ আগশাৰীৰ ব্যক্তিগত খণ্ডৰ নিউজ চেনেল ডিৱাই-৩৬৫য়ে চলোৱা ষ্ট্ৰীং অপাৰেচনত তেজপুৰৰ সাংসদ ৰাম প্ৰসাদ শৰ্মাই স্পষ্টকৈ এগৰাকী মন্ত্ৰীয়ে ঠিকা দিয়াৰ নামত ৩ শতাংশ কমিছন লোৱাৰ কথা মুকলিকৈ কয়৷ নিজ দলৰে মন্ত্ৰীৰ বিৰুদ্ধে সাংসদগৰাকীয়ে উত্থাপন কৰা এই তথ্য নিউজ চেনেলটোৱে প্ৰচাৰ কৰাৰ পিছতে ৰাজ্যত হৈ-চৈ লাগে৷ ৰাজ্য চৰকাৰ তথা খোদ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এতিয়ালৈ তদন্তৰ ঘোষণা নকৰাত ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে৷

সদৌ অসম ছাত্ৰ সন্থা, জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, বিৰোধি কংগ্ৰেছে ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা কৰে যদিও ৰাজ্যৰ চৰকাৰ খন একপ্ৰকাৰ মৌন হৈ পৰে৷ মুখ্যমন্ত্ৰী সোণোৱাল, শাসকীয় বিজেপিৰ সভাপতিয়ে ঘটনাক গুৰুত্ব সহকাৰে নলৈ পলায়ণ কৰা পৰিলক্ষিত হৈছে৷  দুৰ্নীতিৰ বিৰুদ্ধে যুজ দিয়াৰ বৰ বৰ কথা কৈ শাসনৰ গাদীত বহি সকলো পাহৰি গ’ল বিজেপিয়ে৷ একপ্ৰকাৰ দুৰ্নীতিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ পৰিবৰ্তে দুৰ্নীতি কৰাৰ বাবে চাৰ্টিফিকেট হে দিছে চৰকাৰ খনে৷

newsnextone.com-এ যোৱা ১৫ ছেপ্তেম্বৰৰ পৰা কেইবাটাও প্ৰতিবেদন যোগে ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ নামত কামৰূপ জিলাৰ ৰঙিয়াত সংঘটিত জিৰাট কেলেংকাৰৰী সমস্ত তথ্য প্ৰকাশ কৰিছিল৷ জিৰাট কেলেংকাৰীৰ তথ্য newsnextone.com-এ ফাদিল কৰাৰ পিছতো ৰাজ্য চৰকাৰ, কামৰূপ জিলা উপায়ুক্ত, ৰঙিয়াৰ মহকুমাধীপতি, ৰঙিয়াৰ বিধায়কে গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে৷ জিৰাট কেলেংকাৰীৰ বাতৰি প্ৰচাৰ হোৱাত জিলাখনৰ সৰ্বত্ৰে সৰৱ চৰ্চা চলিছে যদিও ৰজা ঘৰে তদন্তৰ ব্যৱস্থা নকৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৰঙিয়াত৷

শিৱসাগৰ জিলাত সংঘটিত জিৰাট কেলেংকাৰীৰ ঘটনাৰ তদন্ত কৰাৰ দাবীত কেবাটাও দল-সংগঠনে প্ৰতিবাদ কৰি অহাৰ পিছতো চৰকাৰ খনে গুৰুত্ব আৰোপ নকৰাৰ লগতে কামৰূপ জিলাৰ ৰঙিয়াত সংঘটিত কেলেংকাৰীক গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন হৈছে৷ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ নামত ঠায়ে ঠায়ে কেবাহেজাৰ কোটিটকীয়া কেলেংকাৰী সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন হোৱাৰ লগতে ঠায়ে ঠায়ে প্ৰতিবাদ সাব্যস্ত হৈ অহাৰ পিছতো তদন্ত নকৰাত ৰাইজ ক্ষোভিত হৈ পৰিছে৷

৩১নং ৰাষ্ট্ৰীয় ঘাই পথৰ কামৰূপ-নলবাৰী সীমান্তৰ পৰা ৰঙিয়া চহৰৰ মাজেৰে পাৰ হৈ বাইহাটা চাৰিআলি হৈ আমিনগাঁও অংশত জিৰাট প্ৰদানৰ নামত ব্যাপক কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগক গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন হৈছে৷ ৰঙিয়া-কমলপুৰ-আমিনগাঁও ৰাজহ চক্ৰ কাৰ্যালয়ৰ অধিনত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ নামত ব্যাপক খেলিমেলি হোৱাৰ অভিযোগক ৰাজ্য চৰকাৰে গুৰুত্ব সহকাৰে নোলোৱাৰ অভিযোগ উত্থাপন হয়৷

কামৰূপ জিলাৰ ৰঙিয়া ৰাজহ চক্ৰত চৰকাৰী ধন লুণ্ঠনৰ নতুন দস্তাবেজ তথ্য সহকাৰে কৰিছে newsnextone.com-এ। ৰাজ্য চৰকাৰে সঠিক তদন্ত কৰিলে চক্ৰ বিষয়াৰ পৰা আৰম্ভ কৰি মৌজাদাৰ, লহকৰ, বসুমতাৰী, দাস উপাধিৰ মণ্ডললৈকে সকলোৱে জালত পৰিব৷ৰাষ্ট্ৰীয় ঘাইপথ বহল কৰাৰ নামত তথা জিৰাট প্ৰদানৰ নামত সংঘটিত কেলেংকাৰীৰ দস্তাবেজ বহুত যদিও newsnextone.com-এ উদাহৰণ স্বৰূপে কিছুমান টকাৰ সৰকোৱাৰ পদ্ধতি উল্লেখ কৰিছে৷

ৰঙিয়া ৰাজহ চক্ৰৰ পূৱ বড়িগোগ মৌজাৰ নকুল গাঁৱৰ পট্টা নিঃ খেৰাজ ৪৭ আৰু দাগ ১৬৫ অংশৰ ৫৭৬ বৰ্গফুট ভূমিত থকা দেখুৱাইছে প্ৰায় ৬৭৮ বৰ্গফুটৰ ঘৰ, শৌচাগাৰ। ইয়াৰ বাহিৰেও এটা গুমটি ঘৰো উক্ত ভূমি ডৰাত থকা দেখুৱাইছে যদিও তাৰ কোনো বৰ্গফুটৰ হিচাপ দিয়া হোৱা নাই। মুঠতে এইদৰেই মণ্ডল মৌজাদাৰে যিকোনো অস্থাৱৰ সম্পত্তিৰ প্ৰসংগই এফালৰ পৰা লিখি পৃষ্ঠা ভৰাই ভৰাই চৰকাৰৰ পৰা ধন ঘটে৷

ৰঙিয়া ৰাজৰ চক্ৰৰ পাণ্ডুৰী মৌজাৰ উদীয়ানা গাঁৱৰ ৫৯৬/১৫৫ নম্বৰ দাগৰ আলী উপাধিৰ এজন লোকৰ মাটিৰ পৰিমাণ দেখুৱাইছে ১৪৪০ বৰ্গফুট। কিন্তু উক্ত মাটি ডৰাত ঘৰ দেখুৱাইছে সৰ্বমুঠ ১৫৩৭ বৰ্গফুটৰ, উক্ত ভূমি ডৰাত থকা শতাধিক গছ-গছনিৰ কথা নকলোৱেইবা। এই কাৰ্য সম্পাদন কৰিছে ভৱেশ দাস নামৰ এজন মণ্ডলে। মণ্ডল ভূপেন লহকৰে দায়িত্বপ্ৰাপ্ত এলেকাৰ অনুৰূপ ধৰণে ভৱেশ দাস নামৰ মণ্ডলজনৰ লুণ্ঠনৰ এই কাণ্ডটো সহযোগিতাৰ হাত আগবঢ়াই গৈছে সেই সময়ৰ ৰঙিয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ধীৰাজ সাউদে।

নামে-বেনাম অজস্ৰ সম্পত্তি আহৰণ কৰা সাউদ বৰ্তমান দিছপুৰ সচিবালয়ৰ ৰাজহ বিভাগৰ যুটীয়া সচিবৰ দৰে গুৰুত্বপূৰ্ণ পদবীত কাৰ্যনিৰ্বাহ কৰি আছে বুলি জানিব পৰা গৈছে। স্বচ্ছ আৰু নিকা প্ৰশাসনৰ প্ৰতিশ্ৰুতিৰে ক্ষমতালৈ অহা বিজেপি, অগপ আৰু বিপিএফৰ মিত্ৰ জোঁটৰ চৰকাৰে এইসকল দুৰ্নীতিত অভিযুক্ত বিষয়াক ৰাজ্য শাসনৰ বৰঘৰত বহুৱাই কিদৰে শাসন চলাইছে জনসাধাৰণৰ বুজিবলৈ বাকি নাই৷ দহ লেছা মাটি তাতেই ৩০০০ বৰ্গফুটৰ এটা পকী ঘৰ, ৮০০ বৰ্গফুটৰ এখন বাৰান্দা, ২০০ জোপা তামোলৰ সৈতে এখন তামোলবাৰী, ২০জোপা নাৰিকল গছ, ৫ জোপা ঔ টেঙাৰ গছৰ লগতে আছে সুকীয়া কলগছৰ বাগান।

ইমানে নহয় ১৫০ জোপা বাঁহৰ সৈতে এখন বাঁহনিও আছে সেই মাটিখিনিতেই। আনকি আছে সৰুকৈ এটা পুখুৰীও। আপুনি চিন্তা কৰক দহ লেছা মাটিৰ নামত কিমান টকা খৰকাইছে আপুনি চিন্তা কৰক৷ তাৰ পিছতো নিমাত চৰকাৰ কামৰূপ জিলাৰ উপায়ুক্ত৷ শুনি আচহুৱা যেন লাগিলেও এই সকলোবোৰ সম্ভৱ হৈ উঠিছে কামৰূপ জিলাৰ ৰঙিয়া ৰাজহ চক্ৰৰ কাৰ্যালয়ত। ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ নামত কামৰূপ জিলাৰ ৰঙিয়া ৰাজহ চক্ৰত এই অসম্ভৱ যেন লগা কামকো সম্ভৱ কৰি তুলিছে ৰাজহ চক্ৰটোৰ একাংশ মণ্ডল আৰু চক্ৰ বিষয়াই।

কামৰূপ জিলাৰ ৰঙিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত পূব বড়িগোগ মৌজাৰ গড়কা গাঁৱৰ খেৰাজ ম্যাদী পট্টা নং ২১৪ আৰু দাগ নং ৩৮ৰ জনকৈ আহমেদ উপাধিৰ লোকজনৰ মালিকানাধীন ভূমি চৰকাৰে অধিগ্ৰহণ কৰাৰ বিনিময়ত মাটিৰ মূল্য বাদেই উক্ত ভূমিত থকা অস্থাৱৰ সম্পত্তিবোৰৰ বিনিময়ত আদায় দিছে ৮,২৩,১৯২ টকা। লোকজনৰ পৰা চৰকাৰে অধিগ্ৰহণ কৰা মাটিৰ পৰিমাণ হৈছে ১২৯৬ বৰ্গফুট। কিন্তু ইয়াত ঘৰে আৱৰি আছে ২৭১২ বৰ্গফুট মাটিকালি। একেদৰে উক্ত মৌজাটোৰ অন্তৰ্গত জনৈক ঠাকুৰীয়া উপাধিৰ এজন লোকেও এনে অনিয়মৰ সহায় লৈ ১০ লাখৰো অধিক ধন আদায় কৰা দেখা গৈছে৷

লোকজনৰ অধিগৃহীত পট্টা খেৰাজ ম্যাদী ২১১ আৰু দাগ নং ৩৩ৰ অংশৰ মাটিৰ পৰিমাণ হৈছে ১২৯৬ বৰ্গফুট৷ পিছে ঘৰে ২২০০ বৰ্গফুট মাটিকালি আৱৰি থকা দেখুওৱা হৈছে৷ ১২৯৬ বৰ্গফুট মাটিকালিত দুগুণ ডাঙৰ ঘৰ নিৰ্মাণ কৰি ঠাকুৰীয়াই লাভ কৰিছে ১০,৬৯,২১০টকা। আনহাতে শৰ্মা উপাধিৰ লোকজনৰ ৯৯ আৰু ১০০ দাগৰ অংশ পট্টা নং নিঃখেৰাজ ৭০ৰ অধিগৃহীত মাটিৰ পৰিমাণ হৈছে ২৫৯২ বৰ্গফুট৷

সেই মাটিত মণ্ডলে দেখুৱাইছে ২৪৮০ বৰ্গফুট মাটিকালি আৱৰি থকা কেইবাটাও ঘৰ৷ এইখিনিলৈ সকলো ঠিকেই আছিল যদিও বাকী থকা ১০০ বৰ্গফুট মাটিত দেখুওৱা হৈছে এখন কলৰ বাগান, তামোলৰ বাৰী, কেবাজোপা নাৰিকলৰ লগতে ভালে কেইজোপা প্ৰকাণ্ড আহত আৰু ভীমচূড়া গছ৷ শৰ্মাই লাভ কৰিছে ১৩,৪৯,০০০ টকা। এনদৰে ধন ঘটাৰ ফান্দ পাতি একাংশ লোকে নিজ ইচ্ছা মতে কাম কৰিছিল৷

তাৰ পিছতো ৰাজ্য চৰকাৰে তদন্তৰ ঘোষণা নকৰাত জাঙুৰ খাই উঠিছে ৰঙিয়াৰ মুক্তি যুজাৰু কৃষ্ণ লহকৰ৷ মুক্তি যুজাৰু কৃষ্ণ লহকৰে নতুন চৰকাৰে পৰিবৰ্তন বিছৰা বুলি কৈ পৰিবৰ্তন কৰি দেখুৱাব পৰা নাই বুলি কয়৷ জিৰাট প্ৰদানৰ নামত যথেষ্ঠ কেলেংকাৰীৰ সংঘটিত হোৱা বুলি কৈ ৰঙিয়াৰ জ্যেষ্ঠ নাগৰিকগৰাকীয়ে শীঘ্ৰে তদন্ত কৰাৰ আহ্বান জনায় চৰকাৰক৷