তৰণী আৰিমত্ত ফুটবল ক্লাবৰ প্ৰাইজমানি প্ৰতিযোগিতা

তুলসীবাৰীঃ তৰণী আৰিমত্ত ফুটবল ক্লাবৰ সৌজন্যত স্থানীয় মিনি ষ্টেডিয়ামত অনুষ্ঠিত হৈ থকা প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাৰ আজিৰ খেলখনত কলাগুৰু সংঘ, শিলাগুটিয়ে  অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হয়৷

আজি অনুষ্ঠিত প্ৰি কোৱাৰ্টাৰ খেলখনত দলটোৱে প্ৰতিদ্বন্দি কাউৰবাহা যুৱক সংঘক ৫-০ গলৰ ব্যৱধানত পৰাস্ত কৰি কোৱাৰ্টাৰত প্ৰৱেশ কৰে৷