নাৰী দেখিলে শিলেৰে আক্ৰমণ কৰা ওদালগুৰিত নতুন দুৰ্বৃত্ত

Dawn
Dawn

ওদালগুৰিঃ ওদালগুৰি চহৰখনত কিছুদিন ধৰি বৃদ্ধি পাইছে দুৰ্বৃত্তৰ তাণ্ডব। দুৰ্বৃত্তৰ লক্ষ্য হৈ পৰিছে অকলশৰীয়া যুৱতী। সন্ধিয়া হোৱাৰ লগে লগেই যেন দুৰ্বৃত্তৰ আক্ৰমণৰ আতংকত আতংকিত হৈ পৰে যুৱতীসকল। ওদালগুৰি জিলা প্ৰশাসনৰ নিষ্ক্ৰিয় ভূমিকাৰ বাবেই সঘনাই এনে ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত কৰিছে ওদালগুৰিবাসীয়ে।

উল্লেখ্য যে, বিগত মাহৰ ২৫ তাৰিখে অৰ্থাৎ দূৰ্গা পূজাৰ ষষ্ঠীৰ দিনাখন ওদালগুৰি চহৰৰ মাজেৰে পাৰ হৈ যোৱা অতি ব্যস্ত পথত সাপ্তাহিক বজাৰৰ সমীপত সন্ধিয়া প্ৰায় ৭-৪৫ বজাত বাইকত অহা অচিনাক্ত দুৰ্বৃত্তই যুৱতীলৈ শিল দলিয়াই আহত কৰিছিল। লগে লগে যুৱতীগৰাকীক ওদালগুৰি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।

ইয়াৰ পাছত বুধবাৰে সংঘটিত হয় আন এক অনুৰূপ ঘটনা। ওদালগুৰি শংকৰদেৱ মিচন হাইস্কুলৰ সন্মুখত বাইকত অহা অচিনাক্ত দুৰ্বৃত্তই শিলেৰে আক্ৰমণ কৰে। আক্ৰমণ কৰিয়েই দুই দুৰ্বৃত্ত ঘটনাস্থলীৰ পৰা পলায়ন কৰাৰ কথা জানিবলৈ দিয়ে ভুক্তভোগী যুৱতীগৰাকীয়ে। আনফালে ঘটনাটোত আহত যুৱতীগৰাকীক ওদালগুৰি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয়৷

উল্লেখ্য যে, দুৰ্বৃত্তৰ দ্বাৰা আক্ৰমণৰ বলি হ’বলগীয়া যুৱতীগৰাকীৰ ঘৰ ওদালগুৰিত নহয় যদিও আলহীৰ ঘৰলৈ আহিছিল তেওঁ। ওদালগুৰি আৰক্ষী প্ৰশাসনৰ নিষ্ক্ৰিয় ভূমিকাৰ বাবে বাৰম্বাৰ এনে ঘটনা সংঘটিত হোৱাৰ অভিযোগ তোলে সাধাৰণ ৰাইজে।

আন একাংশৰ মতে কেৱল মাত্ৰ বাইকৰ হেলমেট পৰীক্ষাৰ নামত একাংশ পুলিচে টকা লোৱাত ব্যস্ত থাকে। আৰক্ষীয়ে দোষী আটক কৰিবলৈ সক্ষম হ’বনে নে আন ঘটনাৰ দৰে উক্ত ঘটনাসমূহো আৰক্ষী-প্ৰশাসনৰ চকুৰ আগতে ধাৰাবাহিকভাৱে চলি থাকিব বুলি ৰাইজৰ মনত প্ৰশ্নৰ উদয় হৈছে৷