তাজমহল বিতৰ্ক, যোগীয়ে কলে উত্তৰ প্ৰদেশৰ ঐতিহ্যৰ গুৰুত্বপূৰ্ণ অংগ

ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশ চৰকাৰৰ পৰ্যটন বিভাগে ৩২ পৃষ্ঠাৰ এখন বুকলেট প্ৰকাশ কৰে যদিও বুকলেট খনত তাজমহলৰ নাম উল্লেখ নথকাত তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছিল উত্তৰ প্ৰদেশৰ যোগী আদিত্যনাথৰ চৰকাৰ৷ তীব্ৰ সমালোচনাৰ সন্মুখীন হৈ অহাৰ সময়তে তাজমহল উত্তৰ প্ৰদেশৰ ঐতিহ্যৰ গুৰুত্বপূৰ্ণ অংগ বুলি কলে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে। বুধবাৰে কনৌৰৰ এখন সভাত এই কথা কয় উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে।

আনহাতে টাইমছ অৱ ইণ্ডিয়াক দিয়া এটি সাক্ষাৎকাৰত উত্তৰ প্ৰদেশ চৰকাৰে ঐতিহাসিক সৌধৰ অসন্মান কৰাৰ কোনেও চেষ্টা কৰা নাই বুলি কয় যোগী আদিত্যনাথে৷ বুকলেটত তাজমহলৰ কথা উল্লেখ নাথাকিলে তাজমহল লঘু হৈ নাযায়৷ উত্তৰ প্ৰদেশ চৰকাৰে ৰাজ্য খনে তাজমহলৰ ঐতিহ্যক অস্বীকাৰ কৰি কোনো কাৰণতে নিম্ন কৰিব খোজা নাই৷

একাংশ লোকে নিজৰ স্বাৰ্থৰ বাবে এনে প্ৰচাৰ চলাইছে৷ পুৰ্বৰ দৰেই আজিও ৰাজ্যৰ অন্যতম পৰ্যটন ক্ষেত্ৰ তাজমহল৷ ৰাজ্য চৰকাৰে স্মৃতিসৌধৰ ৰক্ষণা-বেক্ষণ সম্পুৰ্ণ দায়িত্ব ৰাজ্য চৰকাৰৰ৷ এই দায়িত্ব যথাযথ ভাবে পালন কৰিছো৷ তাজমহল সংৰক্ষণৰ বাবে অনুদান বৃদ্ধি কৰা হৈছে৷ স্মৰ্তব্য যে, বিশ্বৰ সপ্তম আশ্বৰ্য তাজমহক পৰ্যটনৰ মানচিত্ৰৰ পৰা বাদ দিয়া বুলি ব্যাপক চৰ্চা অব্যাহত থকাৰ সময়তে যোগী আদিত্য নাথৰ এই মন্তব্যই বিশেষ তাৎপৰ্যবহন কৰে৷ কেৱল ভাৰতৰে নহয় এছিয়া মহাদেশৰ গৌৰৱ তাজমহলক উত্তৰ প্ৰদেশ চৰকাৰে পৰ্যটন ক্ষেত্ৰত স্থান নিদিয়াত যোগী আদিত্য নাথ চৰকাৰৰ বিৰুদ্ধে বিতৰ্কৰ সৃষ্টি হৈছিল৷