সন্ত্ৰাসবাদী বাঘ আবদ্ধ হ’ল পিঞ্জৰাত

শিৱসাগৰঃ আজি পুৱতিনিশা বনবিভাগৰ পিঞ্জৰাত আবদ্ধ হয় এটা প্ৰকাণ্ড নাহৰফুটুকী বাঘ৷ বিগত কেইবা মাহে গৰু-ছাগলী ভক্ষণ কৰি সন্ত্ৰাস চলাই আহিছিল বাঘটোৱে৷ দীৰ্ঘদিন ধৰি অঞ্চলটোত সন্ত্ৰাস চলাই অহা বাঘটোক পিঞ্জৰাবদ্ধ কৰিবৰ বাবে বনবিভাগৰ লোকক অনুৰোধ কৰি আহিছিল স্থানীয় লোকে৷

অৱশেষত বনবিভাগৰ লোকে স্থাপন কৰা পিঞ্জৰাত আবদ্ধ হয় বাঘটো৷ প্ৰায় সাত আঠবছৰীয়া বাঘটোৱে গৰু-ছাগলী ভক্ষণ কৰি স্থানীয় লোকৰ মাজত ত্ৰাসৰ সৃষ্টি কৰি অহা বাঘটো পিঞ্জৰাবদ্ধ হোৱাত স্বস্তিৰ নিশ্বাস পেলাইছে স্থানীয় ৰাইজে৷ স্থানীয় লোকৰ মতে অঞ্চলটোত আৰু কেইবাটাও নাহৰফুটুকী বাঘে বিচৰণ কৰি আছে৷

শীঘ্ৰেই বাঘকেইটা পিঞ্জৰাবদ্ধ নকৰিলে অঞ্চলটোত অধিক ক্ষয়-ক্ষতিৰ আশংকা প্ৰকাশ কৰে স্থানীয় লোকে। আনহাতে আজি পিঞ্জৰাবদ্ধ বাঘটো চাবলৈ যথেষ্ট সংখ্যক লোকৰ আগমণ ঘটে৷ উল্লেখ্য যে, বিগত প্ৰায় কেইটামান মাহৰ ভিতৰতে শিৱসাগৰ জিলাৰ আমগুৰি সমষ্টিৰ অধীনৰ অঞ্চল সমূহত পাঁচটাৰো অধিক নাহৰফুটুকী বাঘ পিঞ্জৰাবদ্ধ হৈছে৷

বনবিভাগৰ লোকে পিঞ্জৰাত আবদ্ধ বাঘটো মুক্ত বনাঞ্চলত এৰিবৰ বাবে শিৱসাগৰ জিলা কাৰ্য্যালয়লৈ প্ৰেৰণ কৰিছে৷