বৰপেটাত ২৫ ঘন্টাত ৬ কেচুৱাৰ মৃত্যু

Assam Times
Assam Times

বৰপেটাঃ চৌদিশে পীড়িত শিশুৰ মৰণকাতৰ ক্ৰন্দন, অভিভাৱকৰ আৰ্তনাদ, মুঠতে উত্তৰ প্ৰদেশৰ গোৰখপুৰৰ বি আৰ ডি হাস্পতালৰ এই দৃশ্য আজিও দেশে পাহৰিব পৰা নাই৷ আচম্বিতে সৃষ্টি হোৱা এই বিভীষিকাৰ বাবে ৬০গৰাকী শিশু মৃত্যু মুখত পৰে৷ চিকিৎসালয় কৰ্তৃপক্ষৰ অৱহেলা ৰোগীৰ জীৱনৰ বাবে কিমান ভয়াৱহ হৈ পৰিব পাৰে সেয়া দেখা গৈছিল উত্তৰ প্ৰদেশৰ গোৰখপুৰত।

ৰাজ্যখনৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ সমষ্টিৰ আটাইতকৈ বৃহৎ চিকিৎসালয় বাবা ৰাঘৱ দাস মেডিকেল কলেজ হস্পিতালত অক্সিজেনৰ যোগান বন্ধ হৈ যোৱাৰ পৰিপ্ৰেক্ষিতত ৪৮ ঘণ্টাত মৃত্যুমুখত পৰিছিল ৬০টিকৈ শিশু। এই ঘটনাৰ পুনৰাবৃত্তি হ’ব ওলাইছে নেকি অসমত৷

যোৱা ২৫ ঘন্টাৰ ভিতৰত ৰাজ্যখনৰ বৰপেটা জিলাত ৬গৰাকী কেচুৱাৰ মৃত্যু হৈছে৷ বৰপেটা মেডিকেল কলেজত বুধবাৰে নিশা ৬টা শিশুৰ মৃত্যু হোৱাৰ লগতে বৃহস্পতিবাৰে পুৱা মৃত্যু হয় আন এটি শিশুৰ৷ ২৫ ঘন্টাৰ ভিতৰত ৬টা কৈ শিশুৰ মৃত্যু হোৱাৰ পিছতে ৰাজ্যত চাঞ্চল্যৰ সৃষ্টি হয়৷

বৰপেটা মেডিকেল কলেজ যোৱা ২৫ ঘন্টাত একপ্ৰকাৰ যমপুৰীলৈ পৰ্যবসিত হৈছে। বৰপেটা মেডিকেল কলেজৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ডাঃ দিলীপ কুমাৰ দত্তই ৬টি নৱজাতকৰ মৃত্যু হোৱা বুলি স্পষ্ট কৰে। মেডিকেল কৰ্তৃপক্ষই চিকিৎসালয়ৰ গাফিলতিত কেচুৱা কেইটাৰ মৃত্যু হোৱা নাই বুলি স্পষ্ট কৰে৷ সংকটজনক অৱস্থাত চিকিৎসাৰ বাবে অহা বুলিও কয়৷ আনহাতে চিকিৎসালয়ৰ গাফিলতিৰ বাবে কেচুৱা কেইটাৰ মৃত্যু হোৱা বুলি অভিযোগ কৰে ৰাইজে৷বুধবাৰে নিশা মৃত্যু হয় ৫টি নৱজাতকৰ আৰু আজি পুৱা পুনৰ মৃত্যু হয় আন এটি শিশুৰ। ৬টা কৈ শিশুৰ মৃত্যু হোৱাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৰাজ্যত৷