
বৰপেটাঃ বৰপেটা মেডিকেল কলেজৰ কেচুৱাৰ মৃত্যুৰ সংখ্যা বৃদ্ধি হ’ল ৮ জনলৈ৷ ৩০ ঘন্টাৰ ভিতৰত ৮ জনকৈ কেচুৱাৰ মৃত্যু হোৱাত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৰাজ্যজুৰি৷ উত্তৰ প্ৰদেশৰ গোৰখপুৰৰ বি আৰ ডি হস্পিতালত এনেদৰে ৬০গৰাকীকৈ শিশুৰ মৃত্যু হৈছিল৷ মাথো দুমাহ পুৰ্বে দেখা পোৱা এই ছবিখন দেশে পাহৰিব পৰা নাই৷
আচম্বিতে সৃষ্টি হোৱা এই বিভীষিকাৰ বাবে ৬০গৰাকী শিশু মৃত্যু মুখত পৰে৷ চিকিৎসালয় কৰ্তৃপক্ষৰ অৱহেলা ৰোগীৰ জীৱনৰ বাবে কিমান ভয়াৱহ হৈ পৰিব পাৰে সেয়া দেখা গৈছিল উত্তৰ প্ৰদেশৰ গোৰখপুৰত। তাৰ মাজতে অসমৰ বৰপেটা জিলাত যোৱা ৩০ ঘন্টাৰ ভিতৰত ৮ জনকৈ কেচুৱাৰ মৃত্যু হোৱাত অসমত গোৰখপুৰ কাণ্ড সংঘটিত হোৱা বুলি কব খোজে৷
চিকিৎসালয়ৰ চিকিৎসক কৰ্মচাৰীৰ গাফিলতিৰ বাবে এনেদৰে এটিৰ পিছত এটি কেচুৱাৰ মৃত্যু হোৱা বুলি অভিযোগ উত্থাপন কৰে ৰাইজে৷ ৰাজ্য চৰকাৰে তথা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘটনাক গুৰুত্ব সহকাৰে লোৱা নাই বুলি অভিযোগ উত্থাপন হৈছে৷ বৰপেটা মেডিকেল কলেজত বুধবাৰে নিশা ৬টা শিশুৰ মৃত্যু হোৱাৰ লগতে বৃহস্পতিবাৰে পুৱা মৃত্যু হয় আন এটি শিশুৰ৷
৩০ ঘন্টাৰ ভিতৰত ৮টা কৈ শিশুৰ মৃত্যু হোৱাৰ পিছতে ৰাজ্যত চাঞ্চল্যৰ সৃষ্টি হয়৷ বৰপেটা মেডিকেল কলেজ যোৱা ৩০ ঘন্টাত একপ্ৰকাৰ যমপুৰীলৈ পৰ্যবসিত হৈছে। বৰপেটা মেডিকেল কলেজৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ডাঃ দিলীপ কুমাৰ দত্তই ৬টি নৱজাতকৰ মৃত্যু হোৱা বুলি স্পষ্ট কৰাৰ পিছতে পুনৰ দুটি কেচুৱাৰ মৃত্যু হয়। মেডিকেল কৰ্তৃপক্ষই চিকিৎসালয়ৰ গাফিলতিত কেচুৱা কেইটাৰ মৃত্যু হোৱা নাই বুলি স্পষ্ট কৰে৷
সংকটজনক অৱস্থাত চিকিৎসাৰ বাবে অহা বুলিও কয়৷ আনহাতে চিকিৎসালয়ৰ গাফিলতিৰ বাবে কেচুৱা কেইটাৰ মৃত্যু হোৱা বুলি অভিযোগ কৰে ৰাইজে৷ বুধবাৰে নিশা মৃত্যু হয় ৫টি নৱজাতকৰ আৰু বৃহস্পতিবাৰে পুৱা পুনৰ মৃত্যু হয় আন তিনিটা শিশুৰ। ৮টা কৈ শিশুৰ মৃত্যু হোৱাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৰাজ্যত৷
স্মৰ্তব্য যে, উত্তৰ প্ৰদেশত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ সমষ্টিৰ আটাইতকৈ বৃহৎ চিকিৎসালয় বাবা ৰাঘৱ দাস মেডিকেল কলেজ হস্পিতালত অক্সিজেনৰ যোগান বন্ধ হৈ যোৱাৰ পৰিপ্ৰেক্ষিতত ৪৮ ঘণ্টাত মৃত্যুমুখত পৰিছিল ৬০টিকৈ শিশু। এই ঘটনাৰ পুনৰাবৃত্তি হ’ব ওলাইছে নেকি অসমত৷ এয়াই লাখটকীয়া প্ৰশ্ন৷