নলবাৰীত লক্ষ্মী পূজাৰ ব্যাপক প্ৰস্তুতি

নলবাৰীঃ ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজাক আদৰিবৰ বাবে সাজু হৈছে নলবাৰীয়া। নলবাৰী জিলাৰ বিভিন্ন স্থানত লক্ষ্মী পূজাৰ আয়োজনৰ ব্যাপক প্ৰস্তুতি চলাই থকা পৰিলক্ষিত হৈছে৷ নলবাৰী জিলাৰ বিভিন্ন ঠাইত বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰিব শ্ৰীশ্ৰী লক্ষ্মী পূজা।

জিলাখনৰ চহৰৰ মূল পথৰ ওচৰৰ জিলিকনি চ'ক, মৰোৱা চ'ক, তিলানা হৰি মন্দিৰ বাকৰি, বালিকৰিয়াৰ লগতে পকোৱাত ৫ দিনীয়াকৈ সম্পূৰ্ণ আধ্যাত্মিক ভাৱধাৰাৰে প্ৰতিদিনে পূজা পাঠৰ লগতে থাকিব নিমন্ত্ৰিত নাম দলৰ দ্বাৰা নাম প্ৰদৰ্শন। ব্যৱসায় প্ৰতিষ্ঠান, বানিজ্য মেলা আদিৰে উখল মাখল হৈ পৰিছে জিলাখনৰ লক্ষ্মী পূজাস্থলী।

শৰৎৰ আগমনৰ লগে লগে ধৰালৈ নামি অহাদেৱী দুৰ্গাৰ এপষেক পাছতে ধৰালৈ আগমন ঘটে  লক্ষ্মী দেৱীৰ৷ দূৰ্গা পূজাৰ আনন্দৰ জোৱাৰ মাৰ নৌযাওঁতেই আহিল ঐশ্বৰ্য বিভূতিৰ অধিকাৰী লক্ষ্মী দেৱী৷ কৃষকে শাওঁণত কঁপালৰ কেচা ঘাম পেলাই নিজৰ কৃষি দৰাত লক্ষ্মী আইৰ আগমনক ধুপ দ্বীপ নৈবদ্যৰে লগতে বছৰটোৰ বাবে প্ৰতি ঘৰ সাংসাৰিক গৃহস্তিত ধন ঐশ্বৰ্যই লগ দিবলৈ সাধ্য অনুযায়ী পূজা অৰ্চনা কৰিবলৈ সাজু হৈছে সকলো৷