
তেজপুৰঃ ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা আৰম্ভ হৈছে তেজপুৰত। তেজপুৰৰ বিভিন্ন স্থানত লক্ষ্মী পূজাৰ আয়োজনৰ ব্যাপক প্ৰস্তুতিৰে আৰম্ভ হোৱা পৰিলক্ষিত হৈছে৷ বিভিন্ন ঠাইত বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰিব শ্ৰীশ্ৰী লক্ষ্মী পূজা। তেজপুৰৰ ঐতিহ্যমণ্ডিত মিলনবাকৰি ৰাস মন্দিৰৰ চৌহদত লক্ষীপুজা আৰু ৰাস মহোৎসৱৰ নাট মেলাও আৰম্ভ হৈছে।
জিলাখনৰ চহৰৰ লগতে গ্ৰাম্য এলেকাতো উখল মাখল পৰিবেশ দেখা গৈছে লক্ষ্মী পূজাক লৈ। শৰৎৰ আগমনৰ লগে লগে ধৰালৈ নামি অহাদেৱী দুৰ্গাৰ এপষেক পাছতে ধৰালৈ আগমন ঘটে লক্ষ্মী দেৱীৰ৷ দূৰ্গা পূজাৰ আনন্দৰ জোৱাৰ মাৰ নৌযাওঁতেই আহিল ঐশ্বৰ্য বিভূতিৰ অধিকাৰী লক্ষ্মী দেৱী৷ কৃষকে শাওঁণত কঁপালৰ কেচা ঘাম পেলাই নিজৰ কৃষি দৰাত লক্ষ্মী আইৰ আগমনক ধুপ দ্বীপ নৈবদ্যৰে লগতে বছৰটোৰ বাবে প্ৰতি ঘৰ সাংসাৰিক গৃহস্তিত ধন ঐশ্বৰ্যই লগ দিবলৈ সাধ্য অনুযায়ী পূজা অৰ্চনা কৰিবলৈ সাজু হৈছে সকলো৷