
ডিব্ৰুগড়ঃ অসমতো আছে বিশ্ব জিনিব খোজে গাভৰু৷ গাঁৱৰ মাটি-পানী গচকি ডাঙৰ-দীঘল হ'লেও বিশ্ব জিনাৰ সপোনে তেওঁলোকৰ মনত দোলা প্ৰতিদিনে৷ সংযুক্তা দত্তৰ দৰে ডিজাইনাৰ নতুবা ফেশ্বনৰ জগতত উজলি উঠিব বিচাৰে তেওঁলোকে৷ ভিতৰৰ গাঁৱখনৰ পৰা ওলাই গৈ ৰাজমুকুট পিন্ধিব খোজে তেওঁলোকে৷ কিন্তু বিশ্ব জিনাৰ বাবে তেওঁলোকক লাগে এখন মঞ্চ৷ আমাৰ ৰাজ্যত তেনে এখন মঞ্চৰ অভাৱ৷ তাৰ পাছতো যেন তেওঁলোকে ৰৈ থকা নাই৷
তেওঁলোকৰ বিশ্ব জিনাৰ সপোন দিঠক পৰিণত কৰাৰ প্ৰচেষ্টা চলাইছে উজনি অসমৰ অন্যতম সাংস্কৃতিক অনুষ্ঠান সমন্বয় সাংস্কৃতিক গোষ্ঠীয়ে৷ মেখেলা চাদৰ, ৰিহা-মুগাৰ মেখেলা, চেলেং আদি পৰম্পৰাগত সাজ-পাৰ পৰিধানেৰে ৰেম্পত খোজ দিয়াৰ সুবিধা দিছে অনুষ্ঠানটোৱে৷ এই সাজসমূহে বিশ্বত সমাদৰ লাভ কৰিবৰ বাবে ফেশ্যন নতুবা মডেলিঙত ব্যৱহাৰ হ’ব লাগিব বুলি সম্যক ধাৰণা প্ৰদানৰ বাবে কৰ্মশালাও আয়োজন কৰে৷
সমন্বয় সাংস্কৃতিক গোষ্ঠীয়ে বৃহত্তৰ পাটসাঁকো বাসী ৰাইজৰ সহযোগত ১,২ আৰু ৩ অক্টোবৰত শিৱসাগৰ জিলাৰ পাটসাঁকো ৰাজহুৱা পুথিভঁৰাল প্ৰেক্ষাগৃহত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে সৌন্দৰ্য্য প্ৰশিক্ষণ কৰ্মশালা আৰু মিষ্টাৰ আৰু মিছ কলঞ্চুপাৰ অসম ২০১৭ৰ প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়৷ পাটসাঁকোত প্ৰথমবাৰৰ বাবে আয়োজন কৰা মিষ্টাৰ আৰু মিছ কলঞ্চুপাৰ অসম ২০১৭ প্ৰতিযোগিতাত ৪ বছৰ কণ কণ শিশু পৰা ২৫ বছৰীয়া যুবক-যুৱতীয়ে সৌন্দৰ্য প্ৰতিযোগিতাত অংশ লৈ ৰাইজক অাপ্লুত কৰে৷
পাটসাঁকো ৰাজহুৱা পুথিভঁৰাল প্ৰেক্ষাগৃহত আয়োজন কৰা এই প্ৰতিযোগিতাত অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰতিযোগিয়ে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়। তিনিদিন ধৰি অনুষ্ঠিত হোৱা সৌন্দৰ্য কৰ্মশালাৰ মঙলবাৰে সামৰণি পৰা শিশু পৰা যুৱক-যুৱতীয়ে তাই সাজপাৰ লগতে বিভিন্ন পৰম্পৰাগত সাজপাৰ পৰিধান কৰি গীতৰ তালে তালে ৰেম্পত খোজ দিয়ে৷ কণ কণ শিশুসকলে থুনুক থানাক ৰেম্পত উঠি খোজ দি দৰ্শকক আমোদ প্ৰমোদ দিয়ে। প্ৰতিযোগিতা উদ্ধোধন কৰে পাটসাঁকো মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ভূৱন সন্দিকৈয়ে।
আনহাতে উদ্ধোধনী অনুষ্ঠানত উপস্থিত থাকে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ পাটসাঁকো আঞ্চলিক সমিতিৰ সভাপতি সূৰ্য মহন, পাটসাঁকো ইয়ুথ ক্লাৱৰ সভাপতি কামিনি সন্দিকৈ, সদৌ অসম ছাত্ৰ সন্থাৰ চেপন আঞ্চলিক সমিতিৰ উপদেষ্টা উমেশ ৰাজ মহন আৰু সদৌ টাই আহোম ছাত্ৰ সন্থা পাটসাঁকো আঞ্চলিক সমিতিৰ সম্পাদক সত্যজিৎ ফুকন। অনুষ্ঠানৰ আঁতধৰে অলস প্ৰতিম সন্দিকৈয়ে। পাটসাঁকোৰ স্থানীয় যুৱ দলৰ দ্বাৰা গঠিত সমন্বয় সাংস্কৃতিক গোষ্ঠীৰ সভাপতি আৰু সম্পাদকৰ দায়িত্বত থাকে ক্ৰমে মুছফিক আলি ৰহমান আৰু ধ্ৰুৱজ্যোতি কোঁৱৰ।
পাটসাঁকো ৰাজহুৱা পুথিভঁৰাল প্ৰেক্ষাগৃহত প্ৰতিযোগিতাত মিষ্টাৰ কলঞ্চুপাৰ অসম ২০১৭ বিজয়ী খিতাপ লাভ কৰে তিনিচুকীয়া ফিলবাৰীৰ মুগ্ধজ্যোতি শইকীয়া, প্ৰথম ৰানাৰ্চ আপ লাভ কৰে গোলাঘাট বৰপথাৰৰ পাৰ্থ প্ৰতিম বৰা, দ্বিতীয় ৰানাৰ্চ আপ লাভ কৰে জয়সাগৰৰ ধমেন্দ্ৰ দত্ত আৰু মিছ কলঞ্চুপাৰ অসম ২০১৭ৰ সন্মান লাভ কৰে বকতা হলগুৰিৰ বিপাশা বৰগোহাঁই, প্ৰথম ৰানাৰ্চ আপ নাজিৰাৰ চৈয়দা আজহাৰা জন্নত, দ্বিতীয় ৰানাৰ্চ আপ মৰাণৰ ঝৰ্ণা কলিতা৷
অানহাতে চুপাৰ কিডচ কলঞ্চুপাৰ অসম ২০১৭ খিতাপ লাভ কৰে বোকাখাতৰ নিকিতা বৰা, প্ৰথম ৰানাৰ্চ আপ বোকাখাতৰ প্ৰিন্সী বৰুৱা অাৰু দ্বিতীয় ৰানাৰ্চ আপ হয় নাজিৰাৰ অংকিত দত্তই৷ প্ৰশিক্ষক হিচাপে উপস্থিত থাকে জেনিফা গগৈ, সুভম দত্ত আৰু ডিজাইনাৰ চাও চেং ৰাজকোঁৱৰ। অনুষ্ঠানত ডিজাইনৰ নাং ধৰিত্ৰী গগৈ ফুকন, চাও চেং ৰাজকোঁৱৰ আৰু মুস্তাক উল্লাই বিভিন্ন ডিজাইন প্ৰদৰ্শন কৰে।