
মাৰ্ঘেৰিটাঃ বাগানলৈ আহিল অপহৃত চাহ বাগিছাৰ কৰ্মচাৰি৷ তিনিচুকীয়া জিলাৰ বৰডুমচা আৰক্ষী থানাৰ অন্তৰ্গত দিহিংগীয়া চাহ বাগিছাৰ পৰা সন্দেহযুক্ত আলফা(স্বা)ৰ সদস্যই অপহৰণ কৰি নিয়া বাগিছাখনৰ কৰ্মচাৰী শৈল দহোটীয়া অপহৰণ কাণ্ডৰ বৃহস্পতিবাৰে নিশা ৯ বজাত পৰিসমাপ্তি ঘটে। বাগিছা খনৰ সমীপতে অস্ত্ৰধাৰী আলফা(স্বা)ৰ এটা পাঁচ জনীয়া দ'লে কৰ্মচাৰী শৈল্য দহোটীয়াক মুকলি কৰি দিয়ে।
পাছত দহোটীয়াই খোজ কাঢ়ি চাহ বাগিছা খনৰ কাৰ্যালয়ত উপস্থিত হৈ পৰিয়ালবৰ্গৰ লগতে আৰক্ষীৰ সৈতে যোগাযোগ কৰাৰ লগে লগে বৰডুমছাৰ আৰক্ষীয়ে কৰ্মচাৰী গৰাকীক উদ্ধাৰ কৰি স্বাস্থ্য পৰীক্ষা কৰোৱায়। তিনিচুকীয়া জিলাৰ বৰডুমচা থানাৰ অন্তৰ্গত অসম অৰুণাচল সীমান্তৱৰ্তী দিহিঙীয়া চাহ বাগিচাৰ কৰ্মচাৰী শৈল দহোতীয়াক (৩৫) সন্দেহযুক্ত আলফা স্বাধীনৰ এটি ৬জনীয়া দলে যোৱা ২৮ ছেপ্তেম্বৰত অপহৰণ কৰি নিয়ে৷
জানিব পৰা মতে, লম্বিত ফুকন মালিকানাধীন দিহিঙীয়া চাহ বাগিছাৰ আলফা স্বাধীনৰ পেডত যোৱা এমাহ পূৰ্বে প্ৰায় ২০ লাখ টকাৰ ধন দাবী পত্ৰ লাভ কৰে৷ বাগিচাৰ কৰ্তৃপক্ষই ধনদাবী কৰা কাৰ্যক গুৰুত্বসহকাৰে নোলোৱাৰ পৰিপ্ৰেক্ষিতত ৰূপম অসমৰ নেতৃত্বত ছয়জনীয়া দলে বাগিছাৰ পৰিচালক সমেন বৰদলৈক অপহৰণ কৰাৰ যোজা চলাই৷ কিন্তু পৰিচালক সমেনক বয়সৰ প্ৰতি লক্ষ্য ৰাখি তেওঁৰ পৰিৱৰ্তে বাগিচাৰে কৰ্মচাৰী শৈল দহোতীয়াক অপহৰণ কৰে বুলি জানিব পৰা গৈছে৷