নাৰায়ণপুৰত আধুনিক নৃত্য প্ৰতিযোগিতা

নাৰায়ণপুৰঃ প্ৰতিযোগিতাই প্ৰতিভা বিকাশত সহায় কৰে শিল্পীক। প্ৰতিযোগিতাই প্ৰতিযোগী সকলৰ একাগ্ৰতা বৃদ্ধি কৰে আৰু প্ৰতিযোগিতাই সফলতা আনে।

আমি প্ৰতিজন ব্যক্তিও একো একো জন জীৱন যুঁজৰ প্ৰতিযোগী। অসমৰ সাতোৰঙী সাংস্কৃতিক জগত খনত ভৰি দিয়া নতুন প্ৰজন্মক সাংস্কৃতিক দিশত এখোজ আগুৱাই নিয়াৰ মানসেৰে নাৰায়ণপুৰৰ ভোলাবৰী সৃষ্টিশীল যুৱসমাজৰ উদ্যোগত নটসূৰ্য নাট্য সমাজৰ সহযোগত ০৭ অক্টোবৰত ভোলাবৰী নটসূৰ্য নাট্য সমাজৰ প্ৰাংগণত এখনি সৃষ্টিশীল আধুনিক নৃত্য প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে।

প্ৰতিযোগিতাৰ কাৰ্যসূচী অনুসৰি সন্ধ্যা ৫ বজাত বন্তি প্ৰজলন কৰিব নটসূৰ্য নাট্য সমাজৰ উপদেষ্টা জিতেন্দ্ৰ নাথ গোস্বামীয়ে। সন্ধ্যা ৫-৩০ বজাত সম্বৰ্ধনা অনুষ্ঠানৰ আঁত ধৰিব নটসূৰ্য নাট্য সমাজৰ সম্পাদক সুৰেন তাছাই। সন্ধ্যা ৬ বজাত নৃত্য প্ৰতিযোগিতাৰ উদ্ধোধন কৰিব প্ৰাগ নিউজৰ সাংবাদিক নিত্যানন্দ বৰুৱাই আৰু সঞ্চালক হিচাপে উপস্থিত থাকিব নটসূৰ্য নাট্য সমাজৰ সভাপতি হেমচন্দ্ৰ ভূঞাই।