নলবাৰীৰ মৰোৱাত স্বাস্থ্য শিবিৰ সম্পন্ন

নলবাৰীঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৫৯ তম আবিৰ্ভাৱ মহোৎসৱত নলবাৰীৰ আগশাৰীৰ নাৰ্চ আৰু লেবৰেটৰী শিক্ষাৰ প্ৰতিষ্ঠান এলডি হেলথ পেৰামেডিকেল টেকনলজিয়ে বিনামূলীয়াকৈ স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰে।

যোৱা ৩০ ছেপ্টেম্বৰৰ পৰা ৫ অক্টোবৰলৈ নলবাৰীৰ মৰোৱাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ ৫৫৯ তম মহোৎসৱত এই শিবিৰ অনুষ্ঠিত কৰে প্ৰতিষ্ঠানটোৱে৷ ২৪ ঘন্টাই স্বাস্থ্য শিবিৰটোত সেৱা আগবঢ়ায় স্বাস্থ্য কৰ্মীসকলে। ডাঃ গকুল শৰ্মাৰ নেতৃত্বত সংস্থাটোৰ কৰ্মী সকলে পৰিচালনা কৰে শিবিৰটো। সংস্থাটোৰ পদক্ষেপক ৰাইজে শলাগ লয়।