অনিয়মীয়া বিদ্যুৎ সেৱা, গৌৰীপুৰত আমছুৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ

ধুবুৰীঃ ২৪ ঘন্টাই বিদ্যুৎ সেৱা প্ৰদানৰ প্ৰতিশ্ৰুতি দি ভোট আদায় কৰি শাসনৰ গাদী দখল কৰা বিজেপিয়ে শাসন ভাৰ লাভ কৰি পুৰ্বে দিয়া প্ৰতিশ্ৰুতি সমূহ পাহৰি গৈছে৷ ৰাজ্যত এতিয়া ঠায়ে ঠায়ে বিদ্যুৎৰ সঘন আহ-যাহে ব্যাপক সমস্যাত পেলাইছে ৰাইজক৷ শুকুৰবাৰে বিদ্যুৎ সেৱা নিয়মীয়া কৰাৰ দাবীত মৰিগাঁও উত্তাল হৈ পৰাৰ ২৪ ঘন্টা পাৰ নৌহওতেই বিদ্যুৎ সেৱা নিয়মীয়া কৰাৰ দাবীত উত্তাল হ’ল ধুবুৰীৰ গৌৰীপুৰ৷

বিদ্যুৎ সেৱা নিয়মীয়া কৰাৰ দাবীত ৩১নং ৰাষ্টীয় ঘাইপথ অৱৰোধ কৰি আমছুৱে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ বিদ্যুৎ সেৱা নিয়মীয়া কৰাৰ দাবীৰ লগতে গৌৰীপুৰৰ পৰা চাপৰলৈকে বিধ্বস্ত গড়কাপ্তানি পথ শীঘ্ৰে মেৰামতি কৰাৰ দাবী জনায় সংগঠনটোৱে৷ সংগঠনটোৱে ঐতিহাসিক পানবাৰীত পুৱা ১১বজাৰ পৰা ঘাইপথ অৱৰোধ কৰি সৰ্বানন্দ সোণোৱাল হায় হায়, পৰিমল শুক্লবৈদ্য হায় হায়, নিতিন গাডকাৰী মুৰ্দাবাদ আদি শ্ল’গানেৰে আকাশ বতাহ কপাই তোলে৷

পথ অৱৰোধ কৰাৰ ফলত ৰাষ্ট্ৰীয় ঘাই পথত প্ৰায় এঘন্টা সময় ব্যাপক যান-জঁটৰ সৃষ্টি হয়৷ গৌৰীপুৰৰ বিভিন্ন এলেকাত দীৰ্ঘদিনধৰি অনিয়মীয়া বিদ্যুৎ সেৱাই ৰাইজক জ্বলা-কলা খুৱাই আহিছে বুলি আমছুই অভিযোগ উত্থাপন কৰে৷ গড়কাপ্তানি পথৰ দুৰাৱস্থাই গাড়ী-মটৰৰ লগতে পথচাৰীক যাতায়তত ব্যাপক সমস্যাত পেলায় বুলিও কয় সংগঠনটোৱে৷ গড়কাপ্তানি পথটোৰে শাসকীয় দলৰ দুজন বিধাকৰ লগতে পাচঁজনকৈ বিধায়কে অহা-যোৱা কৰে যদিও গড়কাপ্তানি বিভাগৰ কাৰ্যবাহী অভিযন্তাই গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন হৈ আহিছে৷