মাংসৰ লোভত মানুহৰ বুদ্ধিৰ ওচৰত আত্মসমৰ্পণ বনৰজাৰ

টিংখাংঃ অৱশেষত মানুহৰ বুদ্ধিৰ সন্মুখত যেন আত্মসমৰ্পণ কৰিলে বনৰজাই৷ কেবাদিন ধৰি বাঘৰ আতংক বিৰাজ কৰি থকাৰ সময়তে বেচেৰা বনৰজা আবদ্ধ হ’ল পিঞ্জিৰাত৷ উজনিৰ টিংখাঙত যোৱা কেবাদিন ধৰি এটি বাঘক লৈ সৃষ্টি হৈছিল আতংকৰ৷

তাৰ পিছতে দেওবাৰে পুৱাই পিঞ্জৰাবদ্ধ হয় প্ৰকাণ্ড নাহৰফুটুকী। বন বিভাগে যোৱা কেবাদিন ধৰি অহৰহ প্ৰচেষ্টাৰ অন্তত দেওবাৰে মাংসৰ লোভত পিঞ্জিৰাত সোমাই আবদ্ধ হয় বাঘটোৱে৷ নাহৰফুটুকী পিঞ্জৰাবদ্ধ হোৱাৰ খবৰ ৰাষ্ট্ৰ হোৱাৰ পিছতে বাঘ চাবলৈ শ শ লোকে ভিৰ কৰে।

টিংখাঙৰ কেন্দুগুৰি চাহ বাগিচাত দেওবাৰে পিঞ্জৰাবদ্ধ হয় এটা প্ৰকাণ্ড নাহৰফুটুকী বাঘটো। টিংখাঙৰ কেন্দুগুৰি চাহ বাগিচা আৰু কাষৰীয়া অঞ্চলত দীৰ্ঘদিন ধৰি নাহৰফুটুকী বাঘে সন্ত্রাস সৃষ্টি কৰি আহিছে। দুটা পোৱালি সহ বাঘে থিতাপি লৈ দীৰ্ঘদিনে অঞ্চলটোত মুক্ত বিচৰণ কৰি অহাত আতংকৰ সৃষ্টি হৈছিল৷

পশুধন ভক্ষণ কৰাৰ লগতে মানুহকো আক্ৰমণ কৰিছিল৷ তেনে অৱস্থাত কেন্দুগুৰি চাহ বাগিচা কৰ্তৃপক্ষৰ সহযোগত বন বিভাগে বাগিচাখনত এটা পিঞ্জৰা স্থাপন কৰাৰ পাচত দেওবাৰে পুৱতিনিশা এটা নাহৰফুটুকী পিঞ্জৰাবদ্ধ হয়। দেওবাৰে পুৱাৰে পৰ পিঞ্জৰাবদ্ধ বাঘটোক চাবলৈ হেতা-ওপৰা লাগে। বন বিভাগে বাঘটোক জয়পুৰ সংৰক্ষিত বনাঞ্চললৈ নি মুকলি কৰি দিয়া বুলি জানিব পৰা গৈছে৷