জাৰকোনা ফুটবলত মধুকুছি চেম্পিয়ন

ৰঙিয়াঃ ৰঙিয়াৰ সমীপৰ জাৰকোনাত স্থানীয় জংগল ক্লাবৰ উদ্যোগত অনুষ্ঠিত কালিৰাম বড়ো আৰু ফাগুনী বড়ো সোঁৱৰণী প্ৰাইজমানি ফুটবলত মধুকুছি সংঘই জে জে ক্লাবক ৩-২ গলত পৰাস্ত কৰি চুড়ান্ত বিজয়ী হয়৷ জেওবাৰে চুড়ান্ত খেল খন উদ্বোধন কৰে বিটিএডিৰ ই এম মহেশ্বৰ বসুমতাৰীয়ে৷

শ্ৰেষ্ঠ খেলুৱৈ বঁটা লাভ কৰে  মধুকুছি দলৰ চানচুমা বড়ো আৰু প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈ বঁটা লাভ কৰে জে জে চিৰ আকাশ বড়োৱে। খেল খন পৰিচালনা কৰে ৰেফাৰী পহৰেদ আলী আহমেদ, বাহৰুল ইছলাম, মনো মহন্ত আৰু সতীশ ডেকাই। কমলপুৰ সমষ্টিৰ বিধায়ক সত্যব্ৰত কলিতাই বঁটা বিতৰণি সভাত উপস্থিত থাকে৷