
ধুবুৰীঃ দুৰ্বৃত্তৰ হাতত প্ৰাণ দিয়া বিটিএডিৰ সংখ্যালঘু নেতা লাফিকুল ইছলাম আহমেদৰ আত্মাৰ শান্তিৰ হকে দেওবাৰে বিটিএডিৰ ১নং পৰ্বতঝোৰাৰ কুৰ্শাকাটী এল পি স্কুলত অনুষ্ঠিত হয় প্ৰাৰ্থনা সভা৷ এবিএমছুৰ সভাপতিগৰাকীৰ আত্মাৰ শান্তিৰ হকে দোৱা তথা মেহফিলৰ আয়োজন কৰে কুৰ্শাকাটী আঞ্চলিক এবিএমছুৱে৷
কোকৰাঝাৰ চহৰত দুৰ্বৃত্তৰ গুলিত নিহত হোৱা এবিএমছুৰ সভাপতি লাফিকুল ইছলাম আহমেদৰ হত্যাকাৰীক দুমাহ উকলি গল যদিও গ্ৰেপ্তাৰ কৰিব নোৱাৰাত সংগঠনটোৱে ক্ষোভ প্ৰকাশ কৰে৷ বিটিএডিৰ সংখ্যালঘু জনসাধাৰনৰ মাজত লাফিকুলৰ স্মৃতি ম্লান পৰা নাই লাফিকুল অমৰ হৈ থাকিব বুলি কয় সংগঠনটোৱে৷ দেওবাৰে লাফিকুলৰ স্মৃতিত অনুষ্ঠিত দোৱা-মেহফিলৰ অনুষ্ঠানত কান্দোনৰ ৰোল উঠা বুলি কয় সংগঠনটোৱে৷
অনুষ্ঠানত প্ৰায় সহস্ৰাধিক লোকে অংশ গ্ৰহন কৰি লাফিকুলৰ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে লাফিকুল হত্যাকাৰীৰ গ্ৰেপ্তাৰৰ দাবী জনায়৷ সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি মইনুদ্দিন স্বেখে লাফিকুল হত্যাকাৰীক গ্ৰেপ্তাৰ তথা স্বদেশীক বিদেশী সজালে আৰু বিদেশীক চৰকাৰে ৰক্ষণাবেক্ষন দিলে এবিএমছুৱে কেতিয়াও বহি নথকাৰ হূংকাৰ প্ৰদান কৰে৷