কলৰ ভূৰত উঠি মুখ্যমন্ত্রী সৰ্বানন্দ গল বাংলাদেশলৈ

নামতিঃ অবৈধ বাংলাদেশীৰ বিষয়ক লৈ ৰাজ্য উত্তাল হৈ থকাৰ মাজতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কলৰ ভূৰত উঠি বাংলাদেশলৈ যায় দেওবাৰে৷ শিৱসাগৰ জিলাৰ আমগুৰিত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে মুখ্যমন্ত্রীক কলৰ ভূৰত উঠাই পঠাই দি প্ৰতিবাদ সাব্যস্ত কৰে। মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালক কলৰ ভূৰত জাঁজী নৈ হৈ ব্ৰহ্মপুত্ৰৰে বাংলাদেশলৈ পঠিয়াি দিয়ে সংগঠনটোৱে।

অসম চৰকাৰে হিন্দু বাংলাদেশীক অসমত সংস্থাপন দিব বিছৰাৰ প্ৰতিবাদত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে পূৰ্বৰ পৰা বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰি আহিছে৷ যদিও অসম চৰকাৰ খনে গুৰুত্ব প্ৰদান নকৰাত ক্ষোভ প্ৰকাশ কৰে অামগুৰি আঞ্চলিক সমিতিয়ে। সৰ্বানন্দ সোনোৱাল চৰকাৰখনে পূৰ্বৰ প্ৰতিশ্ৰতিৰ ওপৰত গুৰুত্ব নিদি হিন্দু বাংলাদেশীক আনিবলৈ লোৱা কার্যক তীব্ৰ ভাষাৰে গৰিহনা দি দেওবাৰে জাঁজী নদীত কলৰ ভূৰত সৰ্বানন্দৰ প্ৰতিমূত্তি ডিঙিত চেন্দেলৰ মালা পিন্ধাই জাঁজী নৈৰ উটুৱাই দিয়ে৷

বিজেপি হায় হায়, সৰ্বানন্দ নিপাত যাওক, বিজেপি গ' বেক আদি শ্ল'গান দি উত্তাল কৰে। জাঁজী নৈৰ পৰা গৈ ব্ৰহ্মপুত্ৰত পৰিব আৰু ব্ৰহ্মপুত্ৰ হৈ বাংলাদেশলৈ যাবলৈ সুবিধা হ’ব বুলি ভাবি এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহন কৰা বুলি কয় সংগঠনটোৱে৷ সংগঠনটোৱে মুখ্যমন্ত্ৰীক বাংলাদেশত স্থায়ীকৈ থাকিবৰ বাবে সুবিধা কৰি দিবৰ বাবে বাংলাদেশৰ প্ৰধান মন্ত্ৰী শ্বেইখ হাছিনাক আহ্বান জনায়৷