যজ্ঞেশ্বৰ বুজৰবৰুৱাৰ ওপজা দিন, হাহিঁ-ক্ষমা, আনক সহায় কৰাৰ মানসিকতা লাগিব

নলবাৰীঃ নলবাৰীত দেওবাৰে শিক্ষাবিদ যজ্ঞেশ্বৰ বুজৰবৰুৱাৰ ৮০ সংখ্যক ওপজা দিন পালন কৰা হয়৷ দেওবাৰে নলবাৰী নাট্য মন্দিৰত জিলা সাহিত্য সভা আৰু লখিমী শাখা সাহিত্য সভাৰ উদ্যোগত  বিশিষ্ট শিক্ষাবিদ যজ্ঞেশ্বৰ বুজৰবৰুৱাৰ ৮০ সংখ্যক ওপজা দিনৰ অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হৈ যায়৷ জিলা খনৰ কেবাগৰাকী বিশিষ্ট ব্যক্তিৰ লগতে কেবা শতাধিক ৰাইজৰ উপস্থতিত বিশিষ্ট শিক্ষাবিদ যজ্ঞেশ্বৰ বুজৰবৰুৱাৰ ৮০ সংখ্যক ওপজা দিন উলাহ-মালহেৰে পালন কৰা হয়৷

নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ৰমানাথ বৰুৱাৰ সঞ্চালনাত অনুষ্ঠিত সভাৰ আতঁধৰে নাট্যকাৰ-সাংবাদিক, লখিমী শাখা সাহিত্য সভাৰ সম্পাদক ধ্ৰুৱজ্যোতি শৰ্মাই। সভাত প্ৰসিদ্ধ সাহিত্যিক, সাংবাদিক ফনীন্দ্ৰ নাথ চৌধুৰী, নলবাৰী ৰত্ন ডঃ বসন্ত কুমাৰ ভট্টাচাৰ্য, নলবাৰী সমষ্টিৰ বিধায়ক অশোক কুমাৰ শৰ্মা, শিক্ষাবিদ ড০ নিলিমা ভাগৱতী, অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ড০ পৰমানন্দ ৰাজবংশী, আজুৰ সভাপতি পংকজ কুমাৰ নাথ, নলবাৰী জিলা আৰক্ষী অধীক্ষক হেমন্ত ভট্টাচাৰ্যই অভিনন্দন সূচক ভাষন আগবঢ়ায়।

অনুষ্ঠানত এখন অভিনন্দন গ্ৰন্থ উন্মোচন কৰা হয়। তদুপৰি অনুষ্ঠানত শিক্ষাবিদ যজ্ঞেশ্বৰ বুজৰবৰুৱাক নলবাৰীৰ দুকুৰি সংগঠন আৰু ব্যক্তিয়ে শৰাই, গামোছা, জাপি, কিতাপ, ফুলৰ থোপা আদিৰে ওপজা দিনৰ ওলগ যাচে। প্ৰসিদ্ধ সাহিত্যিক, সাংবাদিক ফনীন্দ্ৰ নাথ চৌধুৰীয়ে ভাষণৰ জৰিয়তে বৰ্তমান সময়ত হতাশাৰ এক ভয়াবহ পৰিবেশে সকলোকে আৱৰি ধৰিছে বুলি মত প্ৰকাশ কৰে। সমাজ জীৱনৰ অংগ বাতৰি কাকত, বৈদ্যুতিন মাধ্যম আদিত কেৱল হতাশাৰ ছবি।

বিজ্ঞানৰ সত্যতাক অনুধাৱন কৰি সকলোৱে এক সুস্থিৰ বাতাবৰণেৰে জীৱন যুঁজত অগ্ৰসৰ হ’ব লাগিব। মানুহে দীৰ্ঘজীৱী আৰু সু-স্বাস্থ্যবান হৈ সমাজ নিৰ্মাণৰ কামত অগ্ৰসৰ হবলৈ হাহিঁ, ক্ষমা আৰু আনক সকলো প্ৰকাৰৰ সহায় কৰাৰ মানসিকতাৰে অগ্ৰসৰ হবলৈ আহবান জনায় ফনীন্দ্ৰ নাথ চৌধুৰীয়ে। প্ৰসিদ্ধ সাহিত্যিক, সাংবাদিক ফনীন্দ্ৰ নাথ চৌধুৰীৰয়ে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি হাহিঁ, ক্ষমা আৰু আনক সকলো প্ৰকাৰৰ সহায় কৰাৰ গুণ যজ্ঞেশ্বৰ বুজৰবৰুৱাৰ আছে বুলিও কয়। অনুষ্ঠানত নলবাৰী ৰত্ন ডঃ বসন্ত কুমাৰ ভট্টাচাৰ্যই ভাষন প্ৰসংগত কয় যে বটাঁ-বাহন, অভিনন্দন গ্ৰহণ কৰা সহজ। কিন্তু ইয়াৰ মৰ্যদা ধৰি ৰখা বৰ কঠিন।