
ৰঙিয়াঃ ছাত্ৰই নহয় ৰাজ্যত এতিয়া পঢ়াত ব্যস্ত শিক্ষক৷ সেয়া গুণোৎসৱে হওক নতুবা ডিএলএড ডিগ্ৰীৰ বাবেই হওক শিক্ষক এতিয়া ছাত্ৰতকৈয়ো বেছি ব্যস্ত৷ শিক্ষকৰ আলাই-আথানি এতিয়া কুলাই পাছিয়ে নধৰা হৈছে৷ জীৱনৰ বেছি সময় শিক্ষকতা কৰি পাৰ কৰা শিক্ষকে এতিয়া ভীষণ ব্যস্ত৷ পত্নী, সতি-সন্ততি, বৃদ্ধ পিতৃ-মাতৃ তথা পৰিয়ালৰ কথা চিন্তা এৰি শিক্ষক এতিয়া দিনে-নিশাই পঢ়া টেবুলত৷
পুৱাৰে পৰা ব্যস্ততা তেওলোকৰ৷ যেন শিক্ষকসকলে আকৌ এবাৰ মেট্ৰিক পৰীক্ষা হে দিব ওলাইছে৷ গুণোৎসৱ, ডিএলএড সহ নানা বোজা শিক্ষকৰ৷ ৰাজ্য চৰকাৰে শিক্ষাৰ মাণদণ্ড উন্নত কৰাৰ বাবে এনে ব্যৱস্থা গ্ৰহণ কৰাত সকলোৱে আকোৱালি লৈছে৷ কিয়নো শিশুসকলে ভাল শিক্ষা পাবৰ বাবে এনেবোৰ কাৰ্যপন্থা খুবেই জৰুৰি৷ একাংশ লোকে চৰকাৰক সমালোচনা কৰিছে যদিও প্ৰায় সংখ্যক লোকে চৰকাৰৰ পদক্ষেপক শলাগ লৈছে৷
তাৰ মাজতে শিক্ষকৰ এখন দুখলগা ছবিয়ে চকু কপালত তুলিছে ৰাইজৰ৷ ১০০গৰাকী বহিব পৰা কোঠাত ৫০০-৬০০গৰাকী শিক্ষকে গাতে গা লগাই বহি ক্লাছ কৰিব লগা হোৱাৰ ছবিয়ে চিন্তিত কৰিছে সচেতন লোকক৷ এটি কোঠাত গাতে গা লগাই বহি প্ৰায় ৫০০ শিক্ষকে ডিএলএড ক্লাছ কৰিব লগা হৈছে ৰঙিয়াত৷ কেৱল শ্ৰেণী কোঠাতে নহয় বাৰান্দাত থিয় হৈয়ো পাঠগ্ৰহণ কৰিব লগা হৈছে শিক্ষকসকলে৷
শ্ৰেনী কোঠাৰ অভাৱত কামৰূপৰ ৰঙিয়াস্থিত বুনিয়াদি প্ৰশিক্ষণ কেন্দ্ৰত ছাৰ হতে এতিয়া হেচি থেলি কোঠাত সোমাই, বাৰান্দাত থিয় হৈ ডিএলএডৰ ক্লাছ কৰিছে৷ এশজনৰ ঠাইত ৫০০ৰ পৰা ৬০০জনলৈ বহি বাৰান্দাত থিয় কৰিছে ক্লাছ৷ বেচেৰা হতৰ এতিয়া বৰ হাহাকাৰ৷ ডিএলএডে শিক্ষকৰ বিলাই বিপত্তি নোহোৱা কৰিছে৷ ডিএলএড ডিগ্ৰী ৰাজ্য চৰকাৰে বাধ্যতামুলক কৰাৰ পিছৰে পৰা ত’ত নাইকিয়া হৈছে শিক্ষকসকলৰ। কিন্তু শিক্ষকসকলৰ শিক্ষাগ্ৰহনৰ বাবে নাই ৰাজ্যত ব্যৱস্থা তথা পৰ্যাপ্ত প্ৰক্ষিক্ষণ কেন্দ্ৰ।
যাৰ বাবে এতিয়া হাহাকাৰ কৰিব লগা হৈছে শিক্ষকসকলে। ৰঙিয়া বুনিয়াদি প্ৰশিক্ষণ কেন্দ্ৰত প্ৰশিক্ষণ লৈ থকা সমস্যাৰ কথা শিক্ষামন্ত্ৰী প্ৰত্যক্ষ কৰক আৰু শীগ্ৰে ব্যৱস্থা গ্ৰহণ কৰক। বহিবলৈ ডেক্স বেঞ্চ নাই, মজিয়াত বহিয়েই শিক্ষকে কৰিছে ক্লাছ। এটা কোঠাত মুঠ এশজন বহাৰ বিপৰীতে বহিছে প্ৰায় ৫০০ৰ পৰা৬০০ জন বহিছে। কোনোৱে যদি বহিছে কোনোৱে আকৌ বাৰান্দাত থিয় হৈ লৈছে ক্লাছ। মুঠতে এক অসুস্থ পৰিবেশত পাঠগ্ৰহণ কৰিছে শিক্ষকে।
দেখিলে এনে লাগে প্ৰশিক্ষণ কেন্দ্ৰ নহয় যেন সভাগৃহ হে। নাই পৰ্যাপ্ত প্ৰশিক্ষণ দিয়া শিক্ষক। একাংশ শিক্ষকে নিৰ্ধাৰিত হাৰতকৈ অধিক মাচুল লোৱাৰো অভিযোগ উত্থাপন কৰে ৰঙিয়া বুনিয়াদি প্ৰশিক্ষণ কেন্দ্ৰৰ বিৰুদ্ধে। শিক্ষা বিভাগে নিৰ্দেশ দিছে থিকেই কিন্তু এইক্ষেত্ৰত নাই কোনো আন্তঃগাথনি। ক্ষোভিত শিক্ষকে চুড়ান্ত অনিয়ম আৰু বিশৃংখলতাৰ মাজতে ৰঙিয়াত ডিএলএডৰ প্ৰশিক্ষণ চলা বুলি কয়।