
গোলকগঞ্জঃ ছুটি লৈ ঘৰলৈ অহা এগৰাকী সেনা জোৱানৰ মৃতদেহ চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ধুবুৰীত৷ জিলা খনৰ গোলকগঞ্জ আৰক্ষী থানাৰ অন্তৰ্গত বিছনদই গাঁৱত এডাল গছত ওলমি থকা অৱস্থাত উদ্ধাৰ হয় সেনা জোৱান জনৰ মতদেহ৷
জানিব পৰা মতে, দুলু ৰায় (৩৪) নামৰ সেনাৰ জোৱান জনে ছুটি লৈ বিছনদইৰ শহুৰেকৰ ঘৰলৈ আহে অহে। সোমবাৰে পুৱাই একাংশ লোকে গছত ওলমি থকা অৱস্থাত প্ৰত্যক্ষ কৰে তেওৰ মৃতদেহ। স্থানীয় ৰাইজে মৃতদেহ প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰাৰ লগতে ছুইচাইড নোট এখন উদ্ধাৰ কৰে বুলি জানিব পৰা গৈছে।