প্ৰাপ্যৰ আশাত তেজপুৰত অংগনবাড়ী সহায়িকাৰ প্ৰতিবাদ

তেজপুৰঃ কণ কণ শিশু সকলৰ বিদ্যায়তনিক দায়িত্ব মূৰ পাতি লোৱা অংগনবাড়ী সহায়িকা সকল প্ৰতিনিয়ত বঞ্চিত হৈ আহিছে নিজৰ প্ৰাপ্যৰ পৰা৷ শিক্ষা ব্যৱস্থা আৰু বৌদ্ধিক বিকাশত অনবদ্য ভূমিকা পালন কৰা অংগনবাড়ী সহায়িকা সকলে আনকি নাপায় পৰ্যাপ্ত দৰমহা খিনিও৷

যাৰ ফলত ৰাজ্যৰ ঠায়ে ঠায়ে বিক্ষোভ প্ৰদৰ্শন কৰিবলৈ বাধ্য হৈ পৰিছে এই নিম্ন বৰ্গৰ অংগনবাড়ী সহায়িকা সকলে৷ নিজৰ প্ৰাপ্য অধিকাৰৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হোৱা এই সকল অংগনবাড়ী কৰ্মীৰ প্ৰতিবাদৰ কোনো মূল্য দিয়া নাই চৰকাৰে৷ তথাপি নিজৰ প্ৰাপ্য লাভৰ বাবে মাত মাতি আহিছে এওলোকে৷

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে আজি তেজপুৰতো কেইবাহাজাৰ অংগনবাড়ী সহায়িকাই প্ৰতিবাদ সাব্যস্ত কৰে৷ নিজৰ প্ৰাপ্য লাভৰ আশাত শোনিতপুৰ জিলাৰ সহস্ৰাধিক কৰ্মীয়ে তেজপুৰৰ বিভিন্ন প্ৰান্তত শোভাযাত্ৰা উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰে৷

প্ৰাপ্যৰ পৰা বঞ্চিত অংগনবাড়ী সহায়িকা সকলে প্ৰতিবাদী সমদল উলিয়াই শেষত শোনিতপুৰ জিলা উপায়ুক্তৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে৷